নলবাৰী, ২৩ আগষ্ট :ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মঙলাবাৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত হয় নলবাৰীৰ বৰাজোলত (Jayanta Malla Baruah in Nalbari)৷ মণিপুৰৰ ভূমিস্খলনত নিহত হোৱা ৰাজু আলীৰ পৰিয়ালক নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ২ লাখ টকাৰ এখন চেক প্ৰদান কৰে ৷
লগতে মন্ত্ৰীগৰাকীয়ে ৰাজু আলীৰ পৰিয়ালটোক আনাগত দিনত সহায়ৰ হাত আগবঢ়োৱাৰ কথাও উল্লেখ কৰে ৷ লগতে কোনো কাৰণ বশতঃ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নোহোৱা ভুক্তভোগী পৰিয়ালটোক এইবাৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷