নলবাৰী, ৫ আগষ্ট: এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰিকাক ক্ষমা খোজা প্ৰসংগক(Karimuddin Barbhuyan comment) লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Jayanta Malla Baruah's reaction against Karimuddin Barbhuyan comment) । তেওঁ কয় যে, জেহাদীৰ বিৰুদ্ধে কথা ক'লেই একাংশ বিৰোধী বিধায়ক ধৰফৰাই উঠে । তেওঁলোকৰ ধৰফৰণিত প্ৰমাণিত হয় যে, তেওঁলোক জেহাদীৰ লগত জড়িত । আমি এইসকল বিধায়কৰ অহা যোৱা সকলোতে লক্ষ্য ৰাখিম ।
তেওঁ লগতে কয় যে, কোন বিধায়ক ক'ত যায়, কাৰোবাৰ দেশদ্ৰোহীৰ সৈতে সম্পৰ্ক আছে নেকি, মাদ্ৰাছাত গোপন মিটিং কৰে নেকি এই সকলোবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হ'ব ৷ যদি বিধায়সকলক এনে কাৰ্যত জড়িত থকা কিম্বা প্ৰমাণ ওলায় তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷