অসম

assam

ETV Bharat / state

Minister Jayanta Malla Baruah: কাৰ ওপৰত খং উঠিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ? - Bicycles distribution program in Nalbari

নলবাৰী জিলাৰ প্ৰধান শিক্ষক, বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । অসম চৰকাৰৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাৰণত ছাত্র ছাত্ৰীসকলক সন্নিৱিষ্ট কৰা নকৰা প্ৰসংগক লৈ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

Jayanta Malla Baruah warns headmaster and inspector of schools
সাংস্কৃতিক মহাৰণত সন্নিৱিষ্ট কৰাবলৈ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 1:19 PM IST

সাংস্কৃতিক মহাৰণত সন্নিৱিষ্ট কৰাবলৈ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নলবাৰী, 14 অক্টোবৰ: নলবাৰীত বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয়ৰ পৰিদৰ্শকৰ ওপৰত সৰৱ হৈ পৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । শুকুৰবাৰে গৰ্ডন খেলপথাৰত আয়োজিত হোৱা অসম চৰকাৰৰ বিনামূলীয়া চাইকেল বিতৰণৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰৱ হৈ উঠে মন্ত্ৰী গৰাকী । অসম চৰকাৰৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাৰণত ছাত্র ছাত্ৰী সকলে সন্নিবিষ্ট হৈছে নে নাই তাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অনুষ্ঠানৰ ভাষণৰ মাজতে ছাত্র-ছাত্ৰীসকলক প্ৰশ্ন তুলি হাত দাঙিবলৈ দিয়ে ।

ইয়াৰে খেল মহাৰণত অধিকাংশ শিক্ষাৰ্থীয়ে সন্নিৱিষ্ট হৈছে যদিও সাংস্কৃতিক মহাৰণত ১০ শতাংশ ছাত্র-ছাত্ৰীও সন্নিৱিষ্ট নোহোৱা বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পোনতে সৰৱ হৈ উঠে নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিৰুদ্ধে । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শকগৰাকীক অতি সোনকালে ছাত্র-ছাত্ৰীক সাংস্কৃতিক মহাৰণত সন্নিৱিষ্ট কৰাবলৈ নিৰ্দেশ দিয়ে । লগতে যিবোৰ বিদ্যালয়ত বৰ্তমানলৈ ছাত্র-ছাত্ৰীক খেল মহাৰণ আৰু সাংস্কৃতিক মহাৰণত সন্নিৱিষ্ট কৰোৱা নাই, সেইসমূহ বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলক মুকলি মঞ্চৰ পৰা সকিয়নী প্ৰদান কৰে ‌।

অতিশীঘ্ৰে তেনে নকৰিলে বিদ্যালয়ৰ নাম আৰু প্ৰধান শিক্ষকৰ নাম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হোৱাটচ্ আপ নম্বৰত পঠিয়াই দিবলৈ আহ্বান জনাই । চৰকাৰে তেনে প্ৰধান শিক্ষকসকলৰ ওপৰত তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সদৰী কৰে । লগতে তেওঁ বৰ্তমান এতিয়াৰ যুগত ছালফাৰ দিন নাই বুলি কয় । আগৰ দিনত ছালফা নেতা সদস্য সকলেহে মঞ্চত উঠি গামোচা লৈছিল, বৰ্তমান তেনে যুগ নাই বুলি কৈ ছাত্ৰ-ছাত্ৰীক পঢ়ি শুনি ডাঙৰ বিজ্ঞানী হবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Assam Govt distribute Bicycles: '২৪ ত BJP য়েই কেন্দ্ৰত চৰকাৰ গঠন কৰিব: ৰামেশ্বৰ তেলী

ABOUT THE AUTHOR

...view details