নলবাৰী, 6 ফেব্ৰুৱাৰী : নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ জটিল হৈ পৰিছে অসমৰ ৰাজনীতি ৷ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে ৷ নলবাৰী সমষ্টিটো নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে ৷ শনিবাৰে নলবাৰীত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই বহুকেইখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি পুনৰ নলবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে জয়ন্ত মল্ল বৰুৱাই ৷
এই প্ৰসংগত তেওঁ সাংবাদিকৰ আগত কয় যে, পূৰ্বে নলবাৰীৰ বিধায়ক আছিলো বাবে নলবাৰীত বহু আধৰুৱা কাম থাকি গল ৷ গতিকে, নলবাৰী সমষ্টিতে নিৰ্বাচন খেলাৰ কথা উল্লেখ কৰিলে অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা বিজেপিৰ উপ-সভাপতি গৰাকীয়ে ।