অসম

assam

ETV Bharat / state

অসমত এতিয়া চান্দাজীৱি মানুহৰ নহয় শ্ৰমজীৱী মানুহৰ ৰাজত্ব চলিবঃ জয়ন্ত মল্ল বৰুৱা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 তম‌ জন্মদিন উপলক্ষে সেৱা সপ্তাহৰ লগত সংগতি ৰাখি নলবাৰী নাট্য মন্দিৰত শ্ৰমিক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন ৷ অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা ।

By

Published : Sep 18, 2020, 10:21 PM IST

Jayanta Malla Baruah Reaction On Workers
অসমত এতিয়া চান্দাজীৱি মানুহৰ নহয় শ্ৰমজীৱী মানুহৰ ৰাজত্ব চলিবঃ জয়ন্ত মল্ল বৰুৱা

নলবাৰী, 18 ছেপ্তেম্বৰ :অসমত এতিয়া চান্দাজীৱি মানুহৰ নহয় শ্ৰমজীৱী মানুহৰ ৰাজত্ব চলিব ৷ এই মন্তব্য প্ৰদান কৰিছে জয়ন্ত মল্ল বৰুৱাই ৷ নলবাৰীত উপস্থিত হৈ এই মন্তব্য অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 তম‌ জন্মদিন উপলক্ষে সেৱা সপ্তাহৰ লগত সংগতি ৰাখি নলবাৰী নাট্য মন্দিৰত শ্ৰমিক সম্বৰ্দ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে নেতা গৰাকীয়ে । আনহাতে,নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আত্মনিৰ্ভৰশীল ভাৰত,আত্মনিৰ্ভৰশীল অসম এই শ্ৰমজীৱী লোকসকলে আগুৱাই নিছে বুলিও মন্তব্য প্ৰদান নেতা গৰাকীৰ ।

অসমত এতিয়া চান্দাজীৱি মানুহৰ নহয় শ্ৰমজীৱী মানুহৰ ৰাজত্ব চলিবঃ জয়ন্ত মল্ল বৰুৱা

উল্লেখ্য যে,উক্ত শ্ৰমিক সম্বৰ্দ্ধনা অনুষ্ঠানত বৰপেটা,মঙলদৈ,নলবাৰী আদি বিভিন্ন জিলাৰ শ্ৰমিক সকল উপস্থিত থাকে ৷ প্ৰতিজন শ্ৰমিকক একোটাকৈ জাপি, গামোচা আৰু এখন মানপত্ৰ প্ৰদান কৰা হয় । নলবাৰী জিলা বিজেপি সমিতিৰ উদ্যোগত এই সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা ।

লগতে পঢ়ক :ইউপিপিএলৰ পৰিষদ গঠন হ’লে জেললৈ যাব হাগ্ৰামা মহিলাৰী : ৰঞ্জিৎ বসুমতাৰী

ABOUT THE AUTHOR

...view details