অসম

assam

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস নলবাৰী ৰাস মহোৎসৱক - জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী

নলবাৰীত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰী ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস নলবাৰী ৰাস মহোৎসৱক

By

Published : Oct 12, 2019, 4:09 AM IST

নলবাৰী, 11 অক্টোবৰঃ নলবাৰীত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰী ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত ৷ বৈঠকত বৰুৱাই কয় যে নলবাৰী আৰু মাজুলী ৰাস মহোৎসৱক পৰ্যটকৰ আকৰ্ষণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা ইতিমধ্যেই গ্ৰহণ কৰা হৈছে ৷ নতুন দিল্লী আৰু কলকাতা বিমানবন্দৰত এই দুখন ঠাইৰ ৰাস মহোৎসৱৰ বিষয়ে ব্যাপক প্ৰচাৰৰ উদ্দেশ্যে হৰ্ডিং লগোৱা হৈছে ৷ ইয়াৰ উপৰিও ৰেডিঅ' আৰু টেলিভিছনৰ যোগেদিও ইয়াক প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে বুলি তেখেতে উল্লেখ কৰে ৷ লগতে তেওঁ জানিবলৈ দিয়ে যে মাজুলীৰ জীৱন্ত ৰাসৰ দৃশ্যাৱলী নলবাৰী ৰাস মহোৎসৱত ভক্তৰ মাদকতা বৃদ্ধিৰ বাবে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব ৷ এই বৈঠকত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী স্থানীয় বিধায়ক অশোক শৰ্মা, নলবাৰী হৰিমন্দিৰৰ কাৰ্য্যকৰ্তাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস নলবাৰী ৰাস মহোৎসৱক

ABOUT THE AUTHOR

...view details