অসম

assam

ETV Bharat / state

বিজেপিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ জাকিৰ হুছেইন শিকদাৰৰ

নলবাৰীৰ মুকালমুৱাত শনিবাৰে কংগ্ৰেছ দলৰ দ্বাৰা অনুষ্ঠিত কৰা হয় স্বাধীনতাৰ গৌৰৱময় যাত্ৰা । এই যাত্ৰাত অংশ লৈ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে দেশৰ জনতাই বিজেপিক তৃতীয়বাৰৰ বাবে শাসনত বহুৱাব বিচৰা নাই বুলি মন্তব্য কৰে (Jakir Hussain Sikdar on BJP)৷

Etv BharatJakir Hussain Sikdar on BJP
Etv BharatJakir Hussain Sikdar on BJP

By

Published : Aug 14, 2022, 11:53 AM IST

নলবাৰী, 14 আগষ্ট: ‘‘ৰাজনৈতিক ক্ষেত্ৰত ভৱিষ্যত কোৱাতো বহুত কঠিন । যিমানে 2024ৰ লোকসভা নিৰ্বাচন চমু চাপি আহিব সিমানে বিজেপি মিত্ৰজোঁটৰ পৰা অন্যান্য দল সমূহ ওলাই আহিব । দেশৰ জনতাই বিজেপিক তৃতীয়বাৰৰ বাবে শাসনত বহুৱাব বিচৰা নাই । তাৰ উদাহৰণ বিহাৰৰ শেষতীয়াকৈ চৰকাৰ ভঙা-পতা কাৰ্য । এই মন্তব্য কৰিছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Sikdar on BJP) ৷

কংগ্ৰেছৰ পৰা বিজেপিলৈ বিধায়ক যোৱাৰ(Congress leaders joint BJP) প্ৰসংগত তেওঁ কয় যে, উন্নয়ন আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি বিজেপিয়ে বিভিন্ন সময়ত এনে ধৰণৰ অপপ্ৰচাৰ কৰে । শনিবাৰে নলবাৰীত অনুষ্ঠিত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা (Azadi Ka Gaurav Yatra) অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

বিজেপিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ জাকিৰ হুছেইন শিকদাৰৰ

নলবাৰীৰ মুকালমুৱাত শনিবাৰে কংগ্ৰেছ দলৰ দ্বাৰা অনুষ্ঠিত কৰা হয় স্বাধীনতাৰ গৌৰৱময় যাত্ৰা । এই গৌৰৱময় যাত্ৰাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়ক দিগন্ত বৰ্মনে (Azadi Ka Gaurav Yatra in Nalbari)। হাতে হাতে ত্ৰিৰংগ পতাকা লৈ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত কংগ্ৰেছ দলে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা পালন কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত উলিওৱা হয় এই গৌৰৱময় যাত্ৰা ৷

কাপলাবড়ীৰ পৰা আৰম্ভ কৰি মুকালমুৱাস্থিত ৰাজীৱ ভৱনলৈ উলিয়ওৱা হয় স্বাধীনতাৰ এই গৌৰৱময় যাত্ৰা । স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতি গৰাকী বীৰ শ্বহীদক স্মৰণ কৰি স্বাধীনতাৰ গৌৰৱময় যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে (Congress Triranga rally at Nalbari) । কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে ত্ৰিৰংগ পতাকা লৈ বন্দে মাতৰম্ ধ্বনিৰে মুখৰিত কৰে সমগ্ৰ মুকালমুৱা অঞ্চল ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দেউলীয়া আখ্যা বিধায়ক অখিল গগৈৰ

ABOUT THE AUTHOR

...view details