অসম

assam

By

Published : Jul 22, 2022, 8:04 PM IST

ETV Bharat / state

Corruption in Flood relief: নলবাৰীত বান সাহাৰ্য প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ

নলবাৰীত বান সাহাৰ্য প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ (Corruption in Flood relief)। বান সাহাৰ্য প্ৰদানত বিজেপি কৰ্মীয়ে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন নলবাৰীত (Allegation against BJP worker) ৷

Irregularities galore in flood relief distribution at Nalbari
নলবাৰীত বান সাহাৰ্য প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ

নলবাৰী, 22 জুলাই:নলবাৰীত বান সাহাৰ্য প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ (Corruption in Flood relief)। একেটা পৰিয়ালৰে দুই তিনি সদস্যই বান সাহাৰ্য লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে নলবাৰীত । বান শিবিৰত থকা পৰিয়ালক চৰকাৰে আগবঢ়োৱা সাহাৰ্য প্ৰদানত বৰভাগৰ ৰাইৎকুছি গাঁৱত বিজেপি কৰ্মীয়ে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Allegation against BJP worker) ৷

ফলত ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহিল ভুক্তভোগী ৰাইজ । গাঁওখনত একেটা পৰিয়ালৰে দুই তিনিজন সদস্যই বান শিবিৰৰ নামত অহা চৰকাৰী সাহাৰ্য লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত ৰাইজে । উল্লেখ্য যে বিগত দুটাকৈ প্ৰলয়ংকাৰী বানে সকলো তচনচ কৰি থৈ গৈছিল ৰাজ্যৰ লগতে নলবাৰীতো ।

নলবাৰীত বান সাহাৰ্য প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ

বিশেষকৈ নলবাৰীৰ বৰভাগ অঞ্চলটোক ভয়ানকভাৱে ক্ষতিগ্ৰস্ত কৰি থৈ গৈছিল এই বানে (Flood in Nalbari) ৷ উটুৱাই লৈ গৈছিল বহু লোকৰ সপোনৰ ঘৰখন ৷ এই বলীয়া বানৰ ফলতে গাঁওখনৰ ১৪০ ঘৰ লোকে সৰ্বস্বান্ত হৈ আশ্ৰয় গ্ৰহণ কৰিছিল শিবিৰত । পিছে অঞ্চলটোৰ মাত্ৰ ১০৯ ঘৰ লোকেহে লাভ কৰে শিবিৰৰ নামত অহা ৩৮০০ টকাৰ চৰকাৰী সাহাৰ্য ।

ইয়াতে ক্ষোভিত হৈ পৰিছে বান সাহাৰ্যৰ পৰা বঞ্চিত লোকসকল ( Irregularities galore in flood relief distribution) । অঞ্চলটোৰ বিজেপিৰ সভাপতি প্ৰদীপ কলিতাৰ বিৰুদ্ধে বান সাহাৰ্য প্ৰদানৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ।

লগতে পঢ়ক:Father killed his Son: পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ

ABOUT THE AUTHOR

...view details