অসম

assam

ETV Bharat / state

BJP internal party clash: কংগ্ৰেছ ধংস কৰি অহা সকলেই বৰ্তমান বিজেপিৰ সকলো; অশোক শৰ্মা - BJP internal party clash

পুৰণি বিজেপি ন বিজেপিৰ বিভাজন আৰম্ভ । নলবাৰী জিলা বিজেপি নৱ নিৰ্মিত কাৰ্যলয়ত অশোক শৰ্মাৰ ফটো নথকাক লৈ প্ৰতিক্ৰিয়া ৷ এই প্ৰসংগত প্ৰাক্তন বিধায়ক অশোক শৰ্মা ক্ষোভ প্ৰকাশ কৰি কয় যে কংগ্ৰেছীয়ে চলাই আছে বৰ্তমানৰ বিজেপি ।

BJP internal party clash
পুৰণি বিজেপি ন বিজেপিৰ বিভাজন আৰম্ভ

By

Published : Jul 4, 2023, 1:34 PM IST

পুৰণি বিজেপি ন বিজেপিৰ বিভাজন আৰম্ভ

নলবাৰী, ৪ জুলাই:বিগত কেইমাহমানত ৰাজ্যত বিজেপি দলত বিভাজন হোৱাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আহিছে ৷ কাৰণ একাংশ পুৰণি কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিয়েই উঠি ৰজা বহি ৰজা হৈ পৰিছে । বিভিন্ন সময়ত প্ৰাক্তন বিজেপি নেতা কৰ্মীসকলে নতুন বিজেপিৰ কৰ্মীসকলে তেওঁলোকক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

একাংশ পুৰণি নেতাই চৰকাৰে যিমানেই সম্প্ৰীতিৰ কথা নকওক কিয় পুৰণি বিজেপিৰ নেতা, কৰ্মীসকলক বৰ্তমানৰ বিজেপি নেতা কৰ্মীসকলে সভা সমিতিত নিমন্ত্ৰণ নকৰাৰ লগতে তেওঁলোকৰ লগত কোনোধৰণৰ যোগাযোগ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । এইবাৰ এনে অভিযোগেই উত্থাপন কৰিছে এসময়ত নলবাৰীত বিজেপিৰ সাংগাঠনিক ভেঁটি শক্তিশালী কৰা প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন জিলা সভাপতি অশোক শৰ্মাই ।

নলবাৰী সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন জিলা সভাপতি অশোক শৰ্মাৰ দলীয় কাৰ্যালয়ত ফটো নথকাক লৈ বিজেপিৰ ভিতৰ চ'ৰাত তীব্ৰ প্ৰতিক্ৰিয়া ৷ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বাহিৰে কাৰ্যলয়ত আছে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাকে ধৰি বহুকেইজনৰ ফটো ৷ এই বিষয়টো সন্দৰ্ভত বৰ্তমানৰ চৰকাৰখনত পুৰণি বিজেপিৰ বিশেষ গুৰুত্ব নোপোৱাৰ কথা ব্যক্ত কৰে নলবাৰীৰ প্ৰথমগৰাকী বিজেপিৰ বিধায়ক অশোক শৰ্মাই ।

আনহাতে, প্ৰাক্তন বিধায়কগৰাকীয়ে বিজেপিত উলম্ব বিভাজন হোৱা বুলি উল্লেখ কৰাৰ লগতে বৰ্তমান বিজেপি দলত পুৰণি বিজেপিৰ কোনো আদৰ নাই বুলিও ক্ষোভ প্ৰকাশ কৰে ৷ ইপিনে, তেওঁ দলৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ৷ উল্লেখযোগ্য যে সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল নলবাৰী জিলা বিজেপি কাৰ্যালয়টো ‌। আনহাতে, সোমবাৰৰ আটাইবোৰ কাৰ্যসূচীত অশোক শৰ্মাক কোনো ধৰণৰ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।

নলবাৰী সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন জিলা সভাপতি অশোক শৰ্মাই পুনৰ কয় যে বৰ্তমান বিজেপিত কংগ্ৰেছীয়ে সংস্কৃতিয়ে গ্ৰাস কৰিছে । পুৰণি বিজেপিৰ কোনো আদৰ নাই , কোনো স্থান নাই বুলি কয় অশোক শৰ্মাই । যিসকলে কংগ্ৰেছ দলটোক ধংস কৰি আহিছে তেওঁলোকেই এতিয়া বিজেপিৰ সকলো । বৰ্তমান বিজেপিত কোনো নীতি আদৰ্শৰ কথা নাই, তোষামোদকাৰী আৰু তৈলমোৰ্দনকাৰী সকলৰহে বিজেপিত ৰাজত্ব বুলি বিস্ফোৰক মন্তব্য কৰে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ।

লগতে পঢ়ক:Police take bribe : মাত্ৰ 20 টকাৰ উৎকোচ লৈ চাকৰি হেৰুৱালে যান-বাহন আৰক্ষীৰ জোৱানে

For All Latest Updates

ABOUT THE AUTHOR

...view details