নলবাৰী,১৬ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰত সংঘটিত বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে সৰ্বত্ৰে অব্যাহত আছে প্ৰতিবাদ । জম্মু কাশ্মীৰত পোলাৱামাত সন্ত্ৰাসৰ বলি হোৱা ৪৫ জোৱানক মৃত্যুক সহজে ল'ব পৰা নাই বিশ্বৰ লগতে দেশবাসীয়ে।
১৪ ফেব্ৰুৱাৰীৰ দিনা চিআৰপি জোৱানৰ ওপৰত কৰা ঘৃণনীয় আক্ৰমণৰ প্ৰতিবাদত শনিবাৰে নলবাৰীৰ মুগকুছিত পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পুত্তলিকা দাহ কৰে অমৰজ্যোতি স্পোৰ্টচ ক্লাৱৰ সদস্য সকলে ।
প্ৰতিবাদকাৰীয়ে মুগকুছিৰ হাজো পথ অৱৰোধ কৰি এইদৰে পাকিস্তান মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পুত্তলিকা দাহ কৰে ।