নলবাৰী, ২৬ জুন :নিজৰ নিজৰ ৰাজ্যৰ পৰা আন ৰাজ্যলৈ সংস্থাপন বিচাৰি যোৱা শ্ৰমিকসকলকৰ'ণা ভাইৰাছৰ ত্ৰাসৰ বাবে নিজৰ ৰাজ্যলৈ উভতি আহিছে । অসমৰ পৰা চেন্নাই, হায়দৰাবাদ, মুম্বাই, দিল্লী , বাংগালুৰু আদি কৰি উদ্যোগ প্ৰধান ঠাইৰ উপৰিও কিছু সংখ্যক লোক বিদেশৰ পৰাও অসমলৈ উভতি আহিছে । যাৰবাবে সংস্থাপনহীন হৈছে বহুলোক । এইসকল শ্ৰমিকক নিজৰ ৰাজ্যত সংস্থাপন দিব পাৰি নেকি তাৰ বাবে ভাৰত চৰকাৰে চিন্তা-চৰ্চা কৰিছে ।
সেই সম্পৰ্কত নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰলৈ এক পত্ৰযোগে জিলাখনত সংস্থাপনৰ দিশত কি কৰিব পাৰি বা কেনেকুৱা সম্ভাৱনীয়তা আছে তাৰ বাবে জনাবলৈ নিৰ্দেশ দিয়া হৈছে । জিলাখনত কৃষি, মীন, পশুপালন, দুগ্ধ উন্নয়ন , উদ্যোগ আদি ক্ষেত্ৰত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কিবা সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰি নেকি বা বেংকে এইক্ষেত্ৰত কেনেদৰে সহায় কৰিব পাৰে ইত্যাদি কথা আলোচনা কৰিবৰ বাবে আজি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে তেওঁৰ সভাকক্ষত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰে ।