নলবাৰী,31 অক্টোবৰ: এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ নিৰ্মাতা ভাৰতৰত্ন লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আজি 145 সংখ্যক জন্ম জয়ন্তী ৷ লৌহ মানৱ গৰাকীক সুঁৱৰি শনিবাৰে নলবাৰী জিলা বিজেপিৰ উদ্যোগত ৰূপায়ণ কৰা হয় ৰাণ ফৰ ইউনিটি (একতাৰ বাবে দৌৰ) শীৰ্ষক এক কাৰ্যসূচী ৷
নলবাৰীত বিজেপিৰ একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ - অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা
এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ নিৰ্মাতা ভাৰতৰত্ন লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আজি 145 সংখ্যক জন্ম জয়ন্তী ৷ লৌহ মানৱ গৰাকীক সুঁৱৰি শনিবাৰে নলবাৰী জিলা বিজেপিৰ উদ্যোগত ৰূপায়ণ কৰা হয় ৰাণ ফৰ ইউনিটি (একতাৰ বাবে দৌৰ) শীৰ্ষক এক কাৰ্যসূচী ৷

নলবাৰীত বিজেপিৰ একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ
গৰ্ডন স্কুল খেলপথাৰৰ পৰা হৰিমন্দিৰ চ’কত অন্ত পৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা, স্থানীয় বিধায়ক অশোক শৰ্মা, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰসহ দলীয় কৰ্মকৰ্তাসকলে ৷