অসম

assam

ETV Bharat / state

নলবাৰীত পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

নলবাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ ৷ অতি শীঘ্ৰে পথ মেৰামতিত সংঘটিত হোৱা দুৰ্নীতি তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷

নলবাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

By

Published : Aug 16, 2019, 10:36 AM IST



নলবাৰী, 16 আগষ্টঃ নলবাৰীৰ ঘগ্ৰাপাৰ-বৰাজোল সংযোগী পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ দীৰ্ঘদিন ধৰি পথ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ ৷

নলবাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি


দীৰ্ঘ দিন ধৰি নলবাৰীৰ ঘগ্ৰাপাৰ-বৰাজোল সংযোগী পথছোৱাত এতিয়া বোকাময় ।পথটোত এতিয়া পুখুৰী সদৃশ গাঁত ৷ যাৰ ফলত এতিয়া ৰাইজে ভুগিছে নৰক যন্ত্ৰণা ৷ অতি লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যৰ বিৰুদ্ধে ৷ নিৰ্মাণৰ নামত মাত্ৰ কেই গাড়ীমান মাটি,শিল আৰু বালি দিয়েই দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ ৷ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে পথাচাৰীয়ে বিধস্ত পথটোৰেই যাতায়াত কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে ৷ উক্ত পথটোৰ মেৰামতিৰ নামত প্ৰায় ডেৰ কোটি টকা আৱন্টন পাইছিল ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই ৷ আনহাতে ঠিকাদাৰ স্থানীয় বিধায়ক অশোক শৰ্মাৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে দুৰ্নীতি কৰিবলৈ সাহস পোৱা বুলি একাংশ ৰাইজে অভিযোগ কৰিছে ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা এই বিজেপি চৰকাৰৰ দিনত মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ হোৱা বাবেই সাৰি যাব নেকি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ বা বিষয়া কৰ্মচাৰী! অতি শীঘ্ৰে উক্ত পথটোত সংঘটিত হোৱা দুৰ্নীতি তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷

ABOUT THE AUTHOR

...view details