অসম

assam

ETV Bharat / state

GMCH suicide case: স্ব-গৃহত GMCH ৰ কৰ্মচাৰী পাপু দাসৰ মৃতদেহ - Youth Suicide by consuming toxic injections

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউ টেকনিচিয়ান পাপু দাস নামৰ যুৱক এজনে বৃহস্পতিবাৰে বিষাক্ত ইনজেকশ্যন গ্ৰহন কৰি আত্মহত্যা কৰিছিল(ICU technician Papu Das commits suicide) । শুকুৰবাৰে নলবাৰীৰ আৰঙ্গমৌস্থিত স্ব-গৃহ পোৱাত কান্দোনৰ ৰোল পাপুৰ আত্মীয়ৰ ।

icu technician papu das deadbody
GMCH suicide case: স্ব-গৃহত GMCH ৰ কৰ্মচাৰী পাপু দাসৰ মৃতদেহ

By

Published : Oct 14, 2022, 5:47 PM IST

নলবাৰী,১৪ অক্টোবৰ:স্ব-গৃহ পালেহি বিষাক্ত ইনজেকশ্যন লৈ আত্মহনন কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত টেকনিচিয়ান পাপু দাসৰ মৃতদেহ(GMCH suicide case) । মৃতদেহ আহি পোৱাৰ পাছতে নলবাৰীৰ বৰভাগৰ আৰংগমৌস্থিত পাপু দাসৰ গৃহত এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় । কান্দোনত ভাগি পৰে আত্মীয় কুটুম্ব তথা ওচৰ-চুবুৰীয়া ।

আত্মীয় কুটুম্ব তথা ওচৰ-চুবুৰীয়া

উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত মহানগৰীৰ শ্ৰী মন্তপুৰৰ এটা ল'জত উদ্ধাৰ হৈছিল আৰংগমৌ নিবাসী পংকজ দাসৰ জ্যেষ্ঠ পুত্ৰ পাপু দাসৰ মৃতদেহ(ICU technician Papu Das commits suicide) । মাত্ৰ ২১ দিন পূৰ্বে জি এম চি এইচত আই চি ইউ টেকনিচিয়ান হিচাপে কৰ্তব্যত যোগদান কৰিছিল পাপু দাসে । জ্যেষ্ঠ কোনো বিষয়াৰে হোৱা মনোমালিন্যৰ বাবে ২২ বছৰীয়া যুৱকজনে জীৱনৰ চৰম পথ বাছি লোৱা বুলি চৰ্চা চলিছে ৷

অৱশ্যে পাপু দাসৰ আত্মহত্যা এই সন্দৰ্ভত পৰিয়ালৰ লোকে অজ্ঞতা প্ৰকাশ কৰিছে(Youth Suicide by consuming toxic injections) । তেওঁলোকেও চিকিৎসালয়ৰ জ্যেষ্ঠ কোনো বিষয়াৰে পাপু দাসৰ মনোমালিন্য হোৱাৰ কথা উল্লেখ কৰে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, পাপু দাসে মহানগৰীৰ শ্ৰীমন্তপুৰৰ এটা ল'জত আছিল ৷ ল’জৰ পৰাই কোনো লোকে ফোনযোগে পৰিয়ালৰ লোকক তেওঁ কিবা দ্ৰব্য সেৱন কৰাৰ কথা জানিবলৈ দিয়ে ৷

এই তথ্য লাভ কৰাৰ পাছতেই যুৱকজনৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় ৷ অৱশ্যে ল’জটোত এটাও চিচি টিভি কেমেৰা নথকাত আশ্চৰ্য প্ৰকাশ কৰিছে পাপু দাসৰ পৰিয়ালৰ লোকে ৷ তেওঁৰ পৰিয়াল লোকে যুৱকজনক সংকটজনক অৱস্থাত থকাৰ পিছতো ল'জৰ মালিকে চিকিৎসালয়লৈ নিনিয়া কাৰ্যটো ক্ষোভ প্ৰকাশ কৰিছে ।

জানিব পৰা মতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICU ত টেকনিচিয়ান হিচাপে কৰ্মৰত পাপু দাসে বিষাক্ত ইনজেকশ্যন লৈ আত্মহনন কৰে (Employee commits suicide at GMCH due to a toxic injection) ।

লগতে পঢ়ক:GMCH suicide case : বিষাক্ত বেজী লৈ GMCH ত আত্মহত্যা কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details