অসম

assam

By

Published : May 23, 2021, 10:53 PM IST

ETV Bharat / state

সন্ধেলীত এশ গৰাকী কৃষকক উন্নত জাতৰ ধানৰ বীজ বিতৰণ

সন্ধেলী গাঁৱৰ শংকৰদেৱ সংঘৰ বাকৰিত কৃষক সজাগতা সভা ৷ এশ গৰাকী কৃষকক উন্নত জাতৰ ধানৰ বীজ বিতৰণ ৷ ভাৰতীয় কিষাণ সংঘই কৃষকসকলৰ মাজত বিতৰণ কৰিলে উন্নত ধানৰ বীজ ৷

hybreed-rice-seed-distribute-by-indian-kishan-sanghd-nalbari
সন্ধেলীত এশ গৰাকী কৃষকক উন্নত জাতৰ ধানৰ বীজ বিতৰণ ভাৰতীয় কিষান সংঘৰ

নলবাৰী, 23 মে': নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত সন্ধেলীত দেওবাৰে ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰদেশ কিষাণ সংঘই নলবাৰী জিলা কিষাণ সংঘৰ সহযোগত স্থানীয় কৃষক সকলৰ মাজত বিনামূলীয়াকৈ উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰে ৷ সন্ধেলী গাঁৱৰ শংকৰদেৱ সংঘৰ বাকৰিত ক’ভিড প্ৰট’কল মানি বীজ বিতৰণৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এখন কৃষক সজাগতা সভা ৷

সন্ধেলীত এশ গৰাকী কৃষকক উন্নত জাতৰ ধানৰ বীজ বিতৰণ ভাৰতীয় কিষান সংঘৰ

সমাজকৰ্মী বিনয় বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত এটিএআৰইৰ সঞ্চালক ড৹ এ কে ত্ৰিপাঠীয়ে কৃষক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ ভাৰতীয় কৃষক সংঘৰ অসম প্ৰদেশ সমিতিৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰাইও এই সভাত ভাষণ প্ৰদান কৰে ৷

সভাত উপস্থিত থাকে কৃষি বঁটা প্ৰাপক বাপুকন বৰ্মন, সমাজকৰ্মী হলধৰ বৰ্মন, ধ্ৰুবজ্যোতি মেধি আদি বিশিষ্ট ব্যক্তিসকল ৷ এই অনুষ্ঠানতে প্ৰায় এশ গৰাকী কৃষকক প্ৰয়োজন অনুপাতে স্বৰ্ণমাচুৰী নামৰ উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থকা কৃষকসকলে উপযুক্ত সময়ত উন্নত জাতৰ বীজ লাভ কৰি ভাৰতীয় কৃষক সংঘৰ অসম প্ৰদেশ সমিতি আৰু নলবাৰী জিলা কৃষক সংঘৰ শলাগ লয় ৷

লগতে পঢ়ক:৫ টা গৰুসহ বৰপেটাত দুই চোৰাং গৰু বেপাৰী আটক

ABOUT THE AUTHOR

...view details