অসম

assam

By

Published : Jun 24, 2019, 4:44 PM IST

ETV Bharat / state

নলবাৰী আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ

মানৱ অধিকাৰ উলংঘনৰ অভিযোগ নলবাৰী আৰক্ষীৰ বিৰুদ্ধে ৷ সামান্য অজুহাততে ৰোগীসহ ৰাজপথতে বাহন আৱদ্ধ কৰি ৰাখিলে নলবাৰী আৰক্ষীয়ে ৷

নলবাৰী আৰক্ষী আৰু বিজেপি নেতা

হাজো, 24 জুন : নলবাৰী আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ অভিযোগ ৷ নলবাৰী আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰমেশ কলিতাৰ ৷ এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে আৰক্ষী আৰু এজন বিজেপিৰ নেতাৰ মাজত সূত্ৰপাত হৈছিল সংঘাতৰ ৷ তদন্তকাৰী যান-বাহন আৰক্ষীৰ বিষয়াক প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ ভয় দেখুওৱাৰ অভিযোগ উত্থাপন হৈছিল হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰমেশ কলিতাৰ বিৰুদ্ধে ৷

নলবাৰী আৰক্ষী আৰু বিজেপি নেতা

পিছে এইবাৰ ঘটনাই লৈছে নতুন মোৰ ৷ এইবাৰ আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ খৰ্ব কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰমেশ কলিতাই ৷ তেখেতৰ অভিযোগ অনুসৰি, পত্নীৰ অসুস্থতাৰ বাবে জৰুৰীকালীন অৱস্থাত নলবাৰীৰ এখন চিকিৎসালয়ত গৈ থকা অৱস্থাত এখন বাইকৰ সৈতে সামান্য দুৰ্ঘটনা সংঘটিত হয় । যিটো দুৰ্ঘটনাত কোনো ক্ষয় ক্ষতি হোৱা নাছিল ৷ কিন্তু গাড়ীত পত্নী অসুস্থ হৈ থকাৰ পিছতো ৩ ঘণ্টা সময় বাক্-বিতণ্ডা কৰি ৰাজপথতে ৰখাই থোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷ ইমানেই নহয়, যান-বাহন আৰক্ষীক টকা নিদিয়া বাবেই পৰিয়ালটোক হাৰাশাস্তি কৰাৰ অভিযোগ নেতাগৰাকীৰ । তাৎপৰ্যপূৰ্ণ যে, নলবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে চিকিৎসালয়লৈ গৈ গাড়ী জ্বলাই দিয়াৰ ভাবুকি দিয়া বুলি জানিবলৈ দিয়ে হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰমেশ কলিতাই ৷

নলবাৰী আৰক্ষী আৰু বিজেপি নেতা

আকৌ পঢ়ক - কোনো ক্ৰিকেটাৰেই বলাৰ হ'ব নোখোজেঃ আশ্বিন

ABOUT THE AUTHOR

...view details