নলবাৰী, 4 ডিচেম্বৰ : নলবাৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Nalbari) ৷ বৃহস্পতিবাৰে বিয়লি সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত এজন মটৰ চাইকেল আৰোহীৰ মৃত্য হয় ৷ উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত কেইবাটাও বিলাতী সুৰাৰ কাৰ্টন থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ জানিব পৰা মতে, দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
ঘটনা অনুসৰি শুকুৰবাৰে মাজনিশা নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰ জে বি 05 জিবি 7436 নংম্বৰ ট্ৰাক খনৰ সৈতে এন এল 01 এবি 6506 নম্বৰৰ গাঞ্জা ভৰ্তি ট্ৰাকখনৰ মাজত মুখা-মুখি দুৰ্ঘটনাতো সংঘটিত হয় । ফলত এন এল 01 এবি 6506 নম্বৰৰ ট্ৰাকখনৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷ ইতিমধ্যে সংকটজনক অৱস্থাত চালকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷