নলবাৰী,18 মে': শেহতীয়াকৈ কাল কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে নলবাৰী জিলাত ৷ কৰ'ণাৰ দ্বিতীয়টো ঢৌত জিলাখনৰ প্ৰায় 3,500 গৰাকী লোক আক্ৰান্ত হোৱাত চহৰখনৰ হাস্পতালসমূহত দেখা গৈছে ৰোগীৰ ব্যাপক ভীৰ ৷ তাৰ মাজতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে বিচনাৰ অভাৱ পৰিলক্ষিত হৈছে ৷ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ' ৷ যি ভিডিঅ'ই অসামৰিক চিকিৎসালয়খনৰ প্ৰকৃত ছবিখন উদঙাই দিছে ৷
ভিডিঅ'টোত উল্লেখ কৰা মতে, চিকিৎসালয়খনত পুৰুষ-মহিলা ৰোগীক একেটা ৱাৰ্ডতে ৰখাৰ লগতে প্ৰায় এশগৰাকী ৰোগীৰ বাবে মাত্ৰ এটা শৌচাগাৰ থকাৰো অভিযোগ উত্থাপন কৰিছে ৷ তাৰোপৰি চিকিৎসালয়খনত ৰোগীৰ বাবে পৰ্যাপ্ত ব্যৱস্থা নথকাৰ লগতে প্ৰয়োজনীয় ঔষধ নথকা আৰু বাহিৰৰ পৰা ঔষধ ক্ৰয় কৰিবলগীয়া হোৱাৰো অভিযোগ উত্থাপন কৰিছে ক'ভিড ৰোগীসকলে ৷