অসম

assam

ETV Bharat / state

পুনৰ বন্ধ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ মূখ্য দ্বাৰ - বিল্বেশ্বৰ দেৱালয়ৰ মূখ্য দ্বাৰ

শনিবাৰৰ পৰা পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ মুখ্য দ্বাৰ ৷ কৰ’ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেৱালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

পুনৰ বন্ধ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ মূখ্য দ্বাৰ
পুনৰ বন্ধ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ মূখ্য দ্বাৰ

By

Published : Jul 4, 2020, 5:59 PM IST

নলবাৰী, 4 জুলাই : ভক্তৰ বাবে পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব নলবাৰীৰ বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ মুখ্য দ্বাৰ ৷ তিনিমাহ লক ডাউনৰ অন্তত চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি দেৱালয়ৰ দুৱাৰ খুলা দিয়া হৈছিল যদিও কৰ’ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেৱালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

পুনৰ বন্ধ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ মূখ্য দ্বাৰ

উল্লেখ্য যে, শনিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হয় বিল্বেশ্বৰ দেৱালয়ৰ মূল দুৱাৰ ৷ দেৱালয় কৰ্তৃপক্ষৰ এক গুৰুত্বপূৰ্ণ বৈঠকত লোৱা এই সিদ্ধান্তৰ কথা সদৰি কৰে দেৱালয়খনৰ দলৈ ৰঞ্জিত মিশ্ৰই ৷

গুৱাহাটী মহানগৰীৰ পিছতে কৰ’ণাৰ ত্ৰাসত সোমাই পৰিছে নলবাৰী জিলা ৷ অৱশ্যে দেৱালয়ত পূজাৰীয়ে দৈনন্দিন পূজা-অৰ্চনাকে ধৰি চাকি-বন্তি জ্বলাব বুলি দেৱালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অষ্টম মৃত্যুবাৰ্ষিকীত হীৰুদালৈ শ্ৰদ্ধাৰ্ঘ

ABOUT THE AUTHOR

...view details