নলবাৰী,19 অক্টোবৰ:কোঁচ ৰজা নাগাক্ষৰ দিনতে স্থাপিত হৈছিল ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় ৷ শিৱ মন্দিৰ হিচাপে খ্যাত দেৱালয়খনত আছে হিন্দুধৰ্মীয় বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি ৷ নলবাৰী জিলাৰ পৰা প্ৰায় 10 কিল’মিটাৰ দুৰত্বত বেলশৰত অৱস্থিত দেৱালয়খনৰ সুকীয়া বৈশিষ্ট্য বিদ্যমান ৷ প্ৰবাদ অনুসৰি এঘৰ মানুহৰ আছিল এজনী গাইগৰু ৷ গৰুজনীয়ে প্ৰায়ে বেলশৰৰ এটি নিৰ্দিষ্ট এলেকালৈ আহি স্বতঃস্ফুৰ্তভাৱে গাখীৰ দিছিলহি ৷ ঘটনাৰ পম খেদি গৰুৰ গৰাকীয়ে আহি দেখে তাত এজোপা বিৰিণা আছে ৷ মাটি খন্দাৰ পিছত উক্ত ভূমিতে উদ্ধাৰ হয় এটি শিৱ লিংগ ৷ কোৰেৰে খন্দাৰ ফলত এছোৱা ভাঙি যায় লিংগটোৰ ৷ এয়া পুৰণি প্ৰবাদ অনুসৰি প্ৰচলিত মন্দিৰৰ অন্তৰালৰ কাহিনী ৷
ঐতিহাসিক দেৱালয়খনে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত গঢ়ি তুলিছে এক সাঁকো ৷ যি সাঁকো আজিও কটকটীয়াকৈ ধৰি ৰাখিছে সমন্বয়ৰ ভেঁটি ৷ পৰম্পৰা অনুসৰি দেৱালয়ত আজিও প্ৰচলিত হৈ আছে পাইক প্ৰথা ৷ এই প্ৰথাৰ ভিত্তিতে স্থানীয় ইছলামধৰ্মী লোকসকলক ৰজাই ভূমি প্ৰদান কৰিছিল ৷ তদুপৰি দেৱালয়ৰ কামত নিয়োজিত কৰিবলৈ মুছলমান লোকসকলক প্ৰদান কৰিছিল হুজুৰী উপাধি ৷ তেতিয়াৰে পৰাই দেৱালয়খনত চলি আহিছে এক বিশেষ পৰম্পৰা ৷ দৈনন্দিন ভগৱানৰ বাবে আগবঢ়োৱা ভোগৰ থালীৰ এক অংশ প্ৰদান কৰা হয় মুছলমান লোকসকলক ৷ সম্ভৱতঃ বিল্বেশ্বৰ দেৱালয়ে এনে এক হিন্দুধৰ্মীয় তীৰ্থস্থান য’ত হিন্দুসকলৰ লগতে মুছলমান লোকেও সমানে মন্দিৰৰ কাৰ্যত আগভাগ লয় ৷