অসম

assam

ETV Bharat / state

নলবাৰীত ড৹ হীৰেন গোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল

শুকুৰবাৰে বিশিষ্ট শিক্ষাবিদ ড৹ হীৰেন গোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়ে ৷ ছাত্ৰ নেতা শ্বাৰ্জিল ইমামক সমৰ্থনত মন্তব্য কৰাৰ বাবেই এজাহাৰ দাখিল কৰে সংগঠনটোৱে ৷

হীৰেন গোঁহাই
নলবাৰীত ড৹ হীৰেন গোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল

By

Published : Feb 1, 2020, 8:52 AM IST

Updated : Feb 1, 2020, 9:56 AM IST


নলবাৰী, 1 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে বুদ্ধিজীৱি হীৰেন গোহাঁইৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়ে । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বাৰ্জিল ইমামে ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰা আৰু সাম্প্ৰদায়িক মন্তব্য কৰাত বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ছাত্ৰজনক সমৰ্থন কৰা কাৰ্যত ক্ষোভিত হৈ পৰে সংগঠনটোৰ নেতা কৰ্মী ৷ ফলত বুদ্ধিজীৱিগৰাকীৰ গ্ৰেপ্তাৰৰ দাৱীত সংগঠনটোৱে এজাহাৰ দাখিল কৰে নলবাৰী সদৰ থানাত ।

নলবাৰীত হীৰেন গোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল

উল্লেখ্য যে, CAA বিৰোধীতাৰে আলিগড় জামিয়া-মিলিয়া বিশ্ববিদ্যালয়ত বিতৰ্কিত মন্তব্য কৰি চৰকাৰ তথা ৰাইজৰ ৰোষত পৰিছিল ছাত্ৰ নেতা শ্বাৰ্জিল ইমাম ৷ JNU ত বৰ্তমানেও অধ্যয়নৰত ইমামৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাচতে ৰাষ্ট্ৰদ্ৰোহৰ উপৰিও আন বহু অভিযোগ উত্থাপিত হৈছিল ছাত্ৰ জনৰ বিৰুদ্ধে ৷

আৰু পঢ়কঃ শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

Last Updated : Feb 1, 2020, 9:56 AM IST

ABOUT THE AUTHOR

...view details