নলবাৰী, 7 আগষ্ট : শনিবাৰে নলবাৰী জিলা প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই অভিযোগ কৰি কয় যে, অবৈধ বিদেশী চিনাক্তকৰণৰ বাবে ৰাজ্যখনত স্থাপন কৰা বিদেশী ন্যায়াধিকৰণ সমূহ বগা হাতীত পৰিণত হৈছে ৷ লগতে তেওঁ অভিযোগ কৰি কয় যে, ন্যায়াধিকৰণে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে অবৈধ বিদেশীৰূপে চিনাক্ত কৰা লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰী যন্ত্ৰই আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতে গেথেলা মাৰে সমগ্ৰ প্ৰক্ৰিয়াটো ।
তেনে হেজাৰ হেজাৰ নিৰ্দেশনা অসমৰ জিলাই জিলাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে পৰি আছে বুলিও তেওঁ দাবী কৰে । এই সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিৰ সাধাৰণ সম্পাদক মাধৱ দাস, মুখ্য সাংগঠনিক সম্পাদক বিটুমণি গগৈ, নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ মজুমদাৰ, সম্পাদক ডিম্বেশ্বৰ কলিতা প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে । ইফালে সন্দেহজনক বিদেশী ন্যায়ধিকৰণত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱাল ব্যৰ্থ হৈছে বুলিও সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদে উল্লেখ কৰে ।