নলবাৰী, 30 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ বাবে ৰেড জ'ন হিচাপে ঘোষণা কৰিছিল অসমৰ নলবাৰী আৰু গোলাঘাট জিলা ৷ জিলা দুখনৰ কেইবাটাও অঞ্চল প্ৰশাসনে ছীল কৰি কোৱাৰেন্টানৰ ব্যৱস্থা কৰাৰ পিছত বৃহস্পতিবাৰে জিলা দুখন ৰেড জ'নৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে নলবাৰীত এক সংবাদ মেল যোগে নলবাৰীৰ মল্লা পাৰা অঞ্চলটো মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
ৰেড জ'নৰ পৰা মুক্ত নলবাৰী আৰু গোলাঘাট জিলা - গোলাঘাট জিলাখন শুকুৰবাৰৰ পৰাহে ৰেড জ'ন এলেকাৰ পৰা মুক্ত
প্ৰশাসনে ছীল কৰা গোলাঘাট আৰু নলবাৰী জিলা দুখন বৃহস্পতিবাৰৰ পৰা ৰেড জ'ন এলেকাৰ পৰা মুক্ত কৰি দিবলৈ প্ৰশাসনক নিৰ্দেশ স্বাস্থ্য মন্ত্ৰীৰ ৷ লগতে সমগ্ৰ ৰাজ্যত তিনি মে'ৰ পিছত লক-ডাউন শিথিল হোৱাৰ সম্ভাৱনা ৷

ৰেড জ'নৰ পৰা মুক্ত নলবাৰী আৰু গোলাঘাট জিলা
ৰেড জ'নৰ পৰা মুক্ত নলবাৰী আৰু গোলাঘাট জিলা
অৱশ্যে গোলাঘাট জিলাখন শুকুৰবাৰৰ পৰাহে ৰেড জ'ন এলেকাৰ পৰা মুক্ত কৰি দিয়া হ'ব বুলি ঘোষণা মন্ত্ৰী গৰাকীৰ ৷ আনহাতে তিনি মে'ৰ পিছত সমগ্ৰ ৰাজ্যখনতে লক-ডাউন শিথিল হোৱাৰ ইংগিত প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : কৰ'ণা আৰু ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ