অসম

assam

ETV Bharat / state

পাঠশালাত খহি পৰিল নিৰ্মীয়মান ৰাষ্ট্ৰীয় পথ - ৰাষ্ট্ৰীয় পথ

যিকোনো মুহুৰ্ততে দুৰ্ঘটনাৰ আশংকা পাঠশালাৰ সমীপৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ নিৰ্লিপ্ত ভূমিকাত অসন্তুষ্ট স্থানীয় ৰাইজ ।

পাঠশালাত খহি পৰিল নিৰ্মীয়মান ৰাষ্ট্ৰীয় পথ
পাঠশালাত খহি পৰিল নিৰ্মীয়মান ৰাষ্ট্ৰীয় পথ

By

Published : May 20, 2021, 2:34 PM IST

পাঠশালা,20 মে’:বিগত 16 বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল বজালীৰ বেজকুছিৰ পৰা কালঝাৰলৈ যোৱা 31 নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৷ নিৰ্মাণৰ নামত মাত্ৰ 27 কিলোমিটাৰ কাম কৰিয়েই দায়িত্ব সামৰিলে সংশ্লিষ্ট বিভাগে ৷

শেহতীয়া ভাৱে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ পাঠশালাত পথ নিৰ্মাণকাৰী সন্থায়ে এম চিয়ে চাৰ্ভিচ ৰোড নিৰ্মাণ কৰি আছে যদিও অতি নিম্ন মানৰ কাম কৰা বাবে নিৰ্মাণৰ পিছতে পথৰ এটা অংশ খহি ভাঙি পৰিছে ৷ আনকি নিৰ্মিয়মান পথচোৱাত মেলিছে ডাঙৰ ডাঙৰ ফাঁট ৷ এই লৈ এতিয়া সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

পাঠশালাত খহি পৰিল নিৰ্মীয়মান ৰাষ্ট্ৰীয় পথ

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ নিলিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অতি নিম্ন মানৰ নিৰ্মাণ কাৰ্যৰে ৰাইজৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা পথ নিৰ্মাণকাৰী সন্থাটোৰ বিৰুদ্ধে সংশ্লিষ্ট পক্ষই কি ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক:ক’ভিড-১৯ ত আক্ৰান্ত হোৱা সময়ত আৰু পিছত আহাৰ গ্ৰহণ কৰিবলগীয়া পৰামৰ্শ...

ABOUT THE AUTHOR

...view details