নলবাৰী, 14 মে’ :ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সফলতাৰে পূৰ্ণ কৰিলে এবছৰীয়া কাৰ্যকাল(First anniversary of Himanta government) ৷ ৰাজ্য চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে নলবাৰীত হাই মাষ্ট লাইটৰ শুভ উদ্বোধন(High mast light inaugurated in Nalbari) ৷ নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ পৃষ্ঠপোষকতাত এই কাৰ্যসূচী পালন কৰা হয় ৷
নলবাৰী পৌৰসভা(Nalbari Municipality Board) ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে চহৰখনৰ বিভিন্ন প্ৰান্তত প্ৰায় 14 টাকৈ হাই মাষ্ট লাইট উদ্বোধন কৰে বিধায়কগৰাকীয়ে ৷ বিধায়ক তথা পৌৰসভাৰ এনে উদ্যোগৰ ফলত নলবাৰীবাসীয়ে এতিয়াৰে পৰা কিছু পৰিমাণে পোহৰৰ ক্ষেত্ৰত দীৰ্ঘদিনে ভূগি অহা সমস্যাৰ পৰা সকাহ লাভ কৰিব ৷
এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ পাঠক, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ লগতে অন্যান্য বিজেপিৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ ৷