ৰঙিয়া,20 ছেপ্টেম্বৰ:ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্য আৰু ড্ৰাগছ বিৰোধী অভিযান (Anti drugs campaign of Assam Police)। অসম আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে নিচা জাতীয় দ্ৰব্য । কিন্তু আৰক্ষীৰ তীব্ৰ তালাচীৰ পিছতো একাংশ দুষ্ট চক্ৰই ভিন্ন কৌশল অৱলম্বনেৰে চলাই নিব বিচাৰিছে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ (Drugs smuggling in Assam) ।
সোমবাৰে ৰঙিয়াৰ কেকেনিকুছিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে (Drugs smuggling in Rangia)৷ বিশেষ সূত্ৰৰ পম খেদি ৰঙিয়াৰ সমীপৰ মৰাণজানা গাঁও পঞ্চায়তৰ অধীনৰ কেকেনিকুছিত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে নিষিদ্ধ হেৰ'ইনৰ বিৰুদ্ধে অভিযান চলায় জব্দ কৰে বৃহৎ মূল্যৰ ড্ৰাগছখিনি (Large quantity of Heroin seized in Rangia) । এটা ভাড়া ঘৰত অভিযানকাৰী আৰক্ষীৰ দলটোৱে অভিযান চলাই জব্দ কৰে ৭ টাকৈ হেৰ'ইন ভৰ্তি চাবোনৰ পেকেট ।