অসম

assam

ETV Bharat / state

ক'ভিড সন্দৰ্ভত নলবাৰীত জৰুৰী ফোন নম্বৰ মুকলি - two new toll free no for nalbari during covid situation

নলবাৰী জিলা প্ৰশাসনে সকলো ক'ভিড নিয়মাৱলী পালন কৰিবলৈ নলবাৰীবাসীক আহ্বান জনাইছে । লগতে প্ৰশাসনে মুকলি কৰিলে ক'ভিড সম্পৰ্কীয় এক জৰুৰী ফোন নম্বৰ । বিনামূলীয়া হেল্পলাইন নম্বৰো স্থাপন কৰা হৈছে ।

ক'ভিড সন্দৰ্ভত নলবাৰীত জৰুৰী দূৰভাষ নম্বৰ মুকলি
ক'ভিড সন্দৰ্ভত নলবাৰীত জৰুৰী দূৰভাষ নম্বৰ মুকলি

By

Published : Apr 22, 2021, 8:36 PM IST

নলবাৰী,২২ এপ্ৰিল:ইতিমধ্যে অসমত কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰ লগে লগে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা প্ৰশাসন যথেষ্ট কঠোৰ হৈছে । বিভিন্ন ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিখন জিলাৰ প্ৰশাসনে । এইবাৰ নলবাৰী জিলা প্ৰশাসনৰ এক আদৰণীয় পদক্ষেপ । প্ৰশাসনে মুকলি কৰিলে ক'ভিড সম্পৰ্কীয় এক জৰুৰী ফোন নম্বৰ ।

ক'ভিড সন্দৰ্ভত নলবাৰীত জৰুৰী দূৰভাষ নম্বৰ মুকলি

ইয়াৰোপৰি সাম্প্ৰতিক ক'ভিড-১৯ ৰ ভয়াৱহতাৰ পৰা হাত সাৰি থাকিবলৈ নলবাৰী জিলা প্ৰশাসনে সকলো ক'ভিড নিয়মাৱলী পালন কৰিবলৈ নলবাৰীবাসীক আহ্বান জনাইছে । এই সন্দৰ্ভত নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসনৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰে ।

নিয়ন্ত্ৰণ কক্ষত সপ্তাহৰ প্ৰতিটো দিনৰ ২৪ ঘন্টাই উপলব্ধ হোৱাকৈ দূৰভাষ নম্বৰ এটা মুকলি কৰা হয় । দূৰভাষ নম্বৰটো হৈছে ০৩৬২৪-২২০২১৯ । ইয়াৰ উপৰিও এটা বিনামূলীয়া হেল্পলাইন নম্বৰো স্থাপন কৰা হৈছে। এই বিনামূলীয়া নম্বৰটো হৈছে ১০৭৭ । এই জৰুৰী দূৰভাষ নম্বৰ দুটা তৎকালীনভাৱে কাৰ্যক্ষম কৰা হ'ব আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত চলি থাকিব ।

লগতে পঢ়ক:ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ: গা লৰিল নগাঁও জিলা প্ৰশাসন-স্বাস্থ্য বিভাগৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details