অসম

assam

ETV Bharat / state

বাতৰি কাকত বিলাই ডক্টৰেট ডিগ্ৰী লাভ কৰা এজন লোক... - পিএইচডি

বাতৰি কাকত বিলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা নলবাৰীৰ ধমধমাৰ নুৰ মহম্মদৰ সফলতাৰ কথাৰে...

nur mohammad
নুৰ মহম্মদ

By

Published : Jan 4, 2021, 11:43 AM IST

Updated : Jan 4, 2021, 1:19 PM IST

নলবাৰী,4 জানুৱাৰী : দৰিদ্ৰতায়ো লক্ষ্য পথৰ পৰা বিচলিত কৰিব নোৱাৰা নলবাৰীৰ এজন লোক । তেওঁৰ ঐকান্তিকতাক দিব লাগিব হাজাৰবাৰ চেল্যুট ৷ বাতৰি কাকত বিলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে নলবাৰীৰ ধমধমাৰ নুৰ মহম্মদ নামৰ লোকজনে ৷

তিনি বছৰ বয়সতে পিতৃক হেৰুৱাই নুৰ মহম্মদে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সন্মুখীন হৈছিল বিভিন্ন বাধা-বিঘিনিৰ ৷ তথাপিও যেন হাৰ মনা নাছিল নুৰে ৷ মাছৰ লগতে কেৰাচিন তেল, পেট্ৰ'ল আদিৰ ব্যৱসায় কৰি পঢ়াৰ খৰচ মোকোলোৱা নুৰ মহম্মদে 2011 চনত আৰৱী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি অৱতীৰ্ণ হৈছিল পিএইচডিৰ প্ৰৱেশিকা পৰীক্ষাত ।

নুৰ মহম্মদ

সম্প্ৰতি এখন দোকান দি আৰু বাতৰি কাকতৰ হকাৰ হিচাপে কাম কৰি পেটৰ ভাত মোকোলোৱা নুৰে পৰৱৰ্তী সময়ত 2018 চনত পিএইচডিৰ বাবে বিশ্ববিদ্যালয়ত গৱেষণা পত্ৰ জমা দিয়াৰ পাচত বিগত 31 ডিচেম্বৰ তাৰিখে লাভ কৰে পিএইচডি ডিগ্ৰী ।

নুৰ মহম্মদৰ এই সফলতাই সফলতাৰ বাটত দৰিদ্ৰতাই কেতিয়াও অন্তৰায় হ’ব নোৱাৰা কথাষাৰক প্ৰতীয়মান কৰিছে । দৃঢ় মনেৰে জীৱনৰ বাটত সিঁচি দিয়া প্ৰাপ্তিৰ অনাবিল সুখ তথা অনাবিল আনন্দ লাভ কৰিছে ডক্টৰেট ডিগ্ৰীধাৰী নুৰে ।

লগতে পঢ়ক :ৰাইজৰ প্ৰচেষ্টাত নিৰ্মিত দলং উদ্বোধন শংকৰজ্যোতি বৰুৱাৰ

Last Updated : Jan 4, 2021, 1:19 PM IST

ABOUT THE AUTHOR

...view details