নলবাৰী, ১০ আগষ্ট: নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ হৰ ঘৰ ত্ৰিৰংগা সাফল্য মণ্ডিত কৰাৰ উদ্দেশ্যেৰে বিশাল বাইক ৰেলীৰে জনজাগৰণ কাৰ্যসূচী । হেলমেট অবিহনে মন্ত্ৰী-সাংসদৰ উপস্থিতিত বিশাল ৰেলী ৷ নলবাৰী সমষ্টিৰ মণ্ডলে-মণ্ডলে বিশাল বাইক ৰেলীৰে জনজাগৰণ কাৰ্য্যসূচী (Har Ghar Tiranga awareness rally in Nalbari)।
বড়িগোগ বনভাগ মণ্ডল বিজেপিয়ে ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত আয়োজিত ৰেলীত মিলিত হয় সহস্ৰাধিক দলীয় কৰ্মী । এই বিশাল বাইক ৰেলীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা(Minister Jayanta Malla Baruah), জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰৰ লগতে বিজেপিৰ কৰ্মী ।