অসম

assam

ETV Bharat / state

নলবাৰীত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ - Hagrama Mohilari election campaign at Nalbari

মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাক জয় কৰাবলৈ ৰাইজক আহ্বান জনালে হাগ্ৰামা মহিলাৰীয়ে ৷

hagrama-mohilari-election-campaign-at-nalbari
নলবাৰীত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 30, 2021, 10:31 PM IST

নলবাৰী,30 মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে নলবাৰী বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে ৷ হেলিকপ্টাৰেৰে আহি প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে নেতা গৰাকীয়ে ৷ সভাত মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাক জয় কৰাবলৈ ৰাইজক আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ৷

নলবাৰীত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰদ্যুৎ ভূঞাৰ প্ৰচাৰ সভাত উপস্থিত থাকে বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়া, জেষ্ঠ কংগ্ৰেছী নেতা অপূৰ্ব ভট্টাচাৰ্য্য, সাংসদ আব্দুল খালেকক ধৰি বহুকেইগৰাকী কংগ্ৰেছ নেতা ৷

লগতে পঢ়কঃঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অদীপ কুমাৰ ফুকনৰ

ABOUT THE AUTHOR

...view details