নিউজ ডেস্ক, 19 অক্টোবৰঃ ডিমা হাছাওৰ নামনি হাফলঙত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত জুইত জাহ যায় 12 খনকৈ দোকানৰ লগতে এখন অটো ৰিক্সা ৷ শুকুৰবাৰে নিশা ২ বজাত নামনি হাফলং বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ প্ৰথম অৱস্থাত ৰাইজ ওলাই আহি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন এঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
প্ৰায় দুঘন্টা সময়ৰ প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ৷ বিগত কিছু দিনৰ পৰা নামনি হাফলংত কিছুসংখ্যক দুস্কৃতিকাৰীয়ে ভূমি বেদখলৰ চেষ্টা চলাই আছিল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ সেয়েহে উক্ত অগ্নিকাণ্ড কোন দুস্কৃতিকাৰীয়ে সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ যদিও অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷