নলবাৰী,১১ মাৰ্চ : নলবাৰীৰ বৰখানাজানৰ এখন বিয়াক লৈ সমগ্ৰ অসমতে বিশেষ চৰ্চা চলিছে (Nalbari marriage controversy)। নলবাৰীৰ গোপাল বজাৰৰ দৰা প্ৰসেনজিৎ হালৈয়ে নলবাৰী চহৰৰ সমীপৰ বৰখানাজানৰ কইনাগৃহত বিয়াৰ দিনা হোমৰগুৰিতেই শুই যোৱাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে । কইনা ঘৰৰ অভিযোগ মতে দৰাই সুৰাৰ ৰাগীত ভাৰসাম্য হেৰুৱাই হোমৰগুৰিতেই শুই গৈছিল ।
কেৱল ইমানেই নহয় দৰাৰ পিতৃও সুৰাৰ ৰাগীত থকাৰ অভিযোগ আনিছে কইনা ঘৰৰ পৰিয়ালে । তাৰ পাছতে সংবাদমাধ্যমৰ সন্মুখত দৰাৰ পৰিয়ালেও কইনা ঘৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে । দৰাৰ মাতৃৰ পাছত এইবাৰ দৰাই নিজেও একেই অভিযোগ উত্থাপন কৰিছে (Groom reacts over alcohol consumption)। দৰা প্ৰসেনজিৎ হালৈয়ে জনোৱা মতে তেওঁ এনজাইটিৰ ৰোগী । চেন্নাইৰ এপ'ল'ত প্ৰসেনজিতৰ বৰ্তমানো চিকিৎসা চলি আছে । যিটো কথা বিয়াৰ পূৰ্বে দৰা প্ৰসেনজিতে কইনাক অৱগত কৰিছিল ।
বিয়াৰ কেইদিনমানৰ পৰা দৰা প্ৰসেনজিতৰ সদায় টোপনিৰ কমি অহাৰ লগতে লঘোনে থকাৰ বাবে বিয়াৰ দিনাখন তেওঁৰ গাটো অধিক বেয়া হৈ পৰিছিল । প্ৰসেনজিতৰ মতে দৰা সাজি যোৱাৰ পূৰ্বৰে পৰা তেওঁ কিছু অসুস্থ অনুভৱ কৰি আছিল আৰু হোমৰগুৰিত ভাৰসাম্য হেৰুৱাই তেওঁ শুই পৰিছিল (Drunken groom in Nalbari)।