অসম

assam

ETV Bharat / state

নলবাৰীত পথাৰত কিয় নামিল আছু নেতা !

কৰ্ম সংস্কৃতি গঢ়া আৰু পথাৰ দখল কৰাৰ মানসেৰে কৃষিকৰ্মত একাণপতীয়াকৈ জড়িত হৈ পৰিছে নলবাৰীৰ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা ৷ ৰাজপথত আন্দোলন কৰাৰ সমান্তৰালকৈ নিৰৱে চলাইছে কৃষি বিপ্লৱ । ভৱজিৎ বেজবৰুৱাৰ নেতৃত্বত স্থানীয় কেইজনমান প্ৰাক্তন আছুকৰ্মী একত্ৰিত হৈ গঢ়ি তুলিছে এখন কৃষি পাম ।

কৃষি বিপ্লৱ
কৃষিত ব্যস্ত আছু নেতা

By

Published : Feb 18, 2020, 11:05 AM IST

নলবাৰী,18 ফেব্ৰুৱাৰীঃ ৰাজপথত আন্দোলন কৰিলেই জাতি ৰক্ষা নহয় ৷ অসমীয়া জাতি আৰু স্বাভিমান ৰক্ষাৰ বাবে অসমীয়াই পথাৰ আৰু বজাৰ দখল কৰিব লাগিব প্ৰতিগৰাকী অসমীয়াই । এই কথাকেই সাৰোগত কৰি নলবাৰীত কৃষিকৰ্মত ব্যস্ত থকা দেখা গৈছে আছুৰ এগৰাকী কেন্দ্ৰীয় নেতাক ৷

কৃষিত ব্যস্ত আছু নেতা

কৰ্ম সংস্কৃতি গঢ়া আৰু পথাৰ দখল কৰাৰ মানসেৰে কৃষিকৰ্মত একাণপতীয়াকৈ জড়িত হৈ পৰিছে নলবাৰীৰ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা ৷ ৰাজপথত আন্দোলন কৰাৰ সমান্তৰালকৈ নিৰৱে চলাইছে কৃষি বিপ্লৱ । ভৱজিৎ বেজবৰুৱাৰ নেতৃত্বত স্থানীয় কেইজনমান প্ৰাক্তন আছুকৰ্মী একত্ৰিত হৈ গঢ়ি তুলিছে এখন কৃষি পাম । পামখনত সৰিয়হ খেতিৰ লগতে আলু,ৰঙালাউ,ধনীয়া,তিঁয়হ,জিকা আদিৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে যুৱ সংগঠক গৰাকীয়ে । নলবাৰীৰ ষাঠিকুছিত অৱস্থিত পামখনত এতিয়া এওঁলোক ব্যস্ত হৈ পৰিছে কৃষিকৰ্মত । প্ৰায় পঞ্চাশ বিঘা ভূমিৰে আবৃত এই কৃষিপামে এতিয়া আন দহজনক দেখুৱাইছে জীৱিকাৰ এক নতুন পথ । অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কোৱাৰ দৰে স্বাভিমান ৰক্ষা কৰিবলৈ এইদৰে অসমীয়াই পথাৰ আৰু থলুৱা বজাৰ দখল কৰিব লাগিব ।

লগতে চাওকঃধিঙত পুনৰ মুকলিৰ পথত চেক ক্ৰাফট কাগজ প্ৰকল্প

ABOUT THE AUTHOR

...view details