নলবাৰী, 17 জুন : নলবাৰীৰ এগৰাকী ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ৷ নাম কল্পনা কলিতা ৷ পাঁচবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ভলীবল খেলা খেলুৱৈ কল্পনা এতিয়া আৰ্থিক সংকটত ৷ নলবাৰীৰ কয়াকুছি গাঁৱৰ পিতৃহাৰা কল্পনাই ওড়িশা, মধ্যপ্ৰদেশ, হাৰিয়ানা, চেন্নাই, ডেৰাডুন আদি দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাত অংশ লৈ নলবাৰীলৈ সুনাম কঢ়িয়াই আনিছিল ৷ এখন সৰু গাঁৱৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত দুহাতৰ যাদুৰে দৰ্শকক মোহাচ্ছন্ন কৰা কল্পনাই এতিয়া দুবেলা দুসাঁজ খোৱাৰ বাবে চিন্তা কৰিব লগীয়া হৈছে ৷
ভলীবল খেলুৱৈ কল্পনা কলিতালৈ চৰকাৰৰ এককালীন সাহায্য - volleyball player
নলবাৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ কল্পনা কলিতালৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হয় এককালীন সাহায্য ৷ পাঁচবাৰকৈ ৰাষ্ট্ৰীয় ভলীবল খেলি নলবাৰীলৈ সুনাম কঢ়িয়াই কল্পনাৰ খবৰ পোৱাৰ লগে লগে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই কল্পনাৰ ঘৰত উপস্থিত হৈ পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় ৷
![ভলীবল খেলুৱৈ কল্পনা কলিতালৈ চৰকাৰৰ এককালীন সাহায্য Government's one-time assistance to volleyball player Kalpana Kalita](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12166638-1092-12166638-1623928680335.jpg)
একমাত্ৰ উপাৰ্জনকাৰী পিতৃৰ বিয়োগৰ পাচত কল্পনাই গাই গৰু পুহি কোনো মতে পৰিয়াল পোহপাল দি আহিছিল যদিও আংশিক লকডাউনৰ বাবে আৰ্থিক সংকটে দেখা দিয়ে ৷ খেলুৱৈ গৰাকীৰ আৰ্থিক দুৰাৱস্থাৰ খবৰ পোৱাৰ লগে লগে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱা উপস্থিত হয় ৷ খেলুৱৈ কল্পনাই অকলশৰীয়াকৈ কাম কৰি পৰিয়াল পোহপাল দিয়া কাৰ্যৰ প্ৰতি সন্মান জনাই পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় ৷ কিন্তু অকলশৰে জীৱন যুঁজত অৱতীৰ্ণ হোৱা কল্পনাই এটি স্থায়ী সংস্থাপন প্ৰদানৰ বাবে চৰকাৰলৈ অনুৰোধ জনায় ৷
লগতে পঢ়ক:আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিলে অসমৰ চাৰিগৰাকীকৈ শিক্ষক
TAGGED:
ভলীবল খেলুৱৈ কল্পনা কলিতা