নলবাৰী, 3 আগষ্ট : নলবাৰী জিলাৰ গ্ৰন্থপ্ৰেমীলৈ এক সুখবৰ ৷ জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত শনিবাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা পুথিভঁৰাললৈ ডেৰ শতাধিক গ্ৰন্থ আগবঢ়োৱা হয় । বিশিষ্ট শিক্ষাবিদ ড. অমৰজ্যোতি চৌধুৰীয়ে ৰাজ্যত আৰম্ভ কৰা গ্ৰন্থ পঢ়াৰ আন্দোলনৰ অংশস্বৰূপে এনেদৰে জিলা পুথিভঁৰাললৈ গ্ৰন্থ আগবঢ়াই জিলা প্ৰশাসনে । উল্লেখ্য যে, গুৱাহাটী জিলা পুথিভঁৰালত অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত গ্ৰন্থ পঢ়াৰ আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল । গ্ৰন্থ পঢ়াৰ প্ৰতি নৱপ্ৰজন্মক আগ্ৰহান্বিত কৰাৰ উদ্দেশ্যে পৰ্যায়ক্ৰমে নলবাৰীৰ অন্য প্ৰান্তৰ গ্ৰন্থগাৰতো বিনামূলীয়াকৈ গ্ৰন্থ আৰু আলোচনী আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷
গ্ৰন্থপ্ৰেমীলৈ সুখবৰ : নলবাৰী জিলা পুথিভঁৰাললৈ গ্ৰন্থ উপহাৰ - গ্ৰন্থ উপহাৰ
নলবাৰীৰ জিলা পুথিভঁৰাললৈ ডেৰ শতাধিক গ্ৰন্থ আগবঢ়াইছে জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে উপায়ুক্ত গৰাকীয়ে ৷
গ্ৰন্থপ্ৰেমীলৈ সুখবৰ : জিলা পুথিভঁৰাললৈ গ্ৰন্থ উপহাৰ
উল্লেখযোগ্য যে, যিটো সময়ত চ'ছিয়েল মিডিয়াই সমগ্ৰ বিশ্বক গ্ৰাস কৰিছে তেনে সময়তে গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিবলৈ উপায়ুক্ত গৰাকীয়ে লোৱা এই পদক্ষেপ প্ৰশংসনীয় । আনহাতে, জিলা উপায়ুক্ত গৰাকীৰ এই পদক্ষেপক সঁহাৰি জনাই উপায়ুক্ত গৰাকীৰ হাতত নিজে লিখা পাঁচখনকৈ কিতাপ পুথিভঁৰাললৈ আগবঢ়াই নলবাৰীৰ লিখক হিতেশ ডেকাই ৷