নলবাৰী, 11 নৱেম্বৰ:নলবাৰী জিলাৰ মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হৈছিল দিবা-নৈশ ফুটবল মেচ ৷ 2 নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক সভাৰাম পাঠক সোঁৱৰণি দিবা-নৈশ ফুটবল প্ৰতিযোগিতাখনৰ দেওবাৰে অনুষ্ঠিত হয় চূড়ান্ত খেলখন ৷ চূড়ান্ত খেলখনত গোৰেশ্বৰ ফুটবল ক্লাৱক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে গোৱালপাৰা ফুটবল ক্লাৱে ৷ 7-6 গ'লৰ ব্যৱধানত জয়ী হয় গোৱালপাৰা ফুটবল ক্লাৱ দলটো । নিৰ্দ্ধাৰিত সময়লৈকে খেলখন 1-1 গ'লত অমীমাংসিত হোৱাত ৰেফাৰীয়ে টাইব্ৰেকাৰ পদ্ধতিত নিৰ্ণয় কৰে বিজয়ী। য’ত টাইব্ৰেকাৰত 7-6 গ'লৰ ব্যৱধানত গোৱালপাৰা ফুটবল ক্লাৱে জয়লাভ কৰে ।
প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক জুৱেল বে'ই উদ্বোধন কৰা চূড়ান্ত খেলখনৰ উদ্বোধনী অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সম্পাদক অক্ষয় ডেকা, শিক্ষা সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক ৰঞ্জিত কুমাৰ শৰ্মা আদিকে ধৰি কেবাজনো ব্যক্তিয়ে অংশ লয়। খেলৰ আৰম্ভণিতে সভাৰাম পাঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পৰিয়ালৰ হৈ দিলীপ পাঠকে ।