নলবাৰী,১৯ ফেব্ৰুৱাৰী:সৃষ্টিৰ সপোন থাকিলে খেৰ-কূটাতো প্ৰাণ পায় শিল্পই । দৰিদ্ৰতা কেতিয়াও হ'ব নোৱাৰে হেঙাৰ । তাকেই যেন বাৰে বাৰে প্ৰমাণ কৰি আহিছে বহু শিল্পীয়ে । এইবাৰ নলবাৰীৰ এগৰাকী যুৱতীয়ে প্ৰমাণ কৰিছে এই কথা । ৰং তুলিকাৰে নহয়, পেলনীয়া সামগ্ৰী, শুকান পাত, বাঁহৰ কাঠিৰে ইখনৰ পাছত সিখনকৈ চিত্ৰ অংকন কৰিছে নলবাৰীৰ এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে(Girl draw pictures with waste materials in Nalbari) ৷
নলবাৰীৰ নিজ বাহঁজানীৰ চৌধাৰী চুবুৰীৰ শিক্ষক যোগেশ চৌধাৰী আৰু চন্দনা চৌধাৰীৰ জ্যেষ্ঠ কন্যা মানসী চৌধাৰী ৷ শৈশৱৰে পৰা ছবি আঁকি ভালপোৱা মানসীৰ হাতত প্ৰাণ পায় উঠিছে ৰাজনৈতিক নেতাৰ পৰা অভিনেতাৰ লগতে দেশ-বিদেশৰ বহু বিখ্যাত ব্যক্তিৰ জীৱন্ত ছবি । মানসীয়ে পেলনীয়া সামগ্ৰীৰে ছবি অংকন কৰি এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে । মানসীৰ ওচৰত ৰং ক্ৰয় কৰি ছবি অংকন কৰিবলৈ নাই সমৰ্থ ।
ৰং তুলিকাক বাদ দি অন্য কোনো উপায়েৰে ছবি অংকন কৰিব পাৰি নেকি ? তাকে লৈ ন ন চেষ্টা চলই গৈছিল মানসীয়ে ৷ ২০০৭ চনৰ পৰাই ছবি অংকন কৰিবলৈ লোৱা মানসীয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল চুবুৰীৰে কন্দৰ্প শৰ্মা আৰু উৎপল চৌধাৰীৰ ওচৰত ৷ কিন্ত ছবি অংকন কৰিবলৈ ব্যৱহাৰ হোৱা ৰং তুলিকাৰ চৰা দামৰ বাবে যেন সিমানতে থমকি ৰ’ল মানসীৰ সুপ্ত প্ৰতিভা(Poor Girls Painting Art) ৷
কিয়নো মানসীৰ পিতৃ যোগেশ চৌধাৰী নিজ বাঁহজানীৰ হেম বৰুৱা বিদ্যাপীঠত ১৯৯৮ চনৰ পৰা বিজ্ঞানৰ এগৰাকী শিক্ষক হিচাপে কাম কৰি আছে(Mansi Chaudhary paintings) ৷ কিন্ত সুদীৰ্ঘ ২৬ বছৰে বিদ্যালয়খন প্ৰাদেশিকীকৰণ নোহোৱাত পৰিয়ালটো চলোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰ্থৰ অভাৱ হোৱাত মানসীয়ে ছবি অংকনৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লগা হয় ৷ ককাকৰ পেঞ্চনৰ ধনেৰে আৰু পিতৃয়ে বজাৰত কবি আলু বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়ালটো কোনোমতে জোৰা টাপলি মাৰি চলাই আহিছে পিতৃ যোগেশ চৌধাৰীয়ে ৷