নলবাৰী,23 জুন: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে আৰু ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা । ঘটনাৰ বিৱৰণী অনুসৰি,প্ৰাথমিক চিকিৎসালয়খনৰ অন্তৰ্গত বিলপাৰৰ এগৰাকী যুৱকে কিছুদিন ধৰি ভুগি আছিল কাঁহ,জ্বৰত ৷ যুৱকজনে নিজে এই সম্পৰ্কে স্থানীয় আশা কৰ্মীক সাক্ষাৎ কৰি অসুখৰ কথা অৱগত কৰে যদিও কথাটোত কোনো গুৰুত্ব প্ৰদান কৰিলে আশা কৰ্মীগৰাকীয়ে ৷ অৱশেষত যুৱকজনে কাষ চাপে ঘগ্ৰাপাৰ চিকিৎসালয়ৰ চিকিৎসকৰ ওচৰত ৷ চিকিৎসালয় কৰ্তৃপক্ষই যুৱকজনক এই পৰীক্ষা কৰিবলৈ অকলে পঠিয়াই দিয়ে ৰাজকদমতল হাইস্কুলস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷ পৰৱৰ্তী সময়ত এখন বাহনেৰে গাড়ীৰে নলবাৰীলৈ লৈ গৈ যুৱকজনক লাগতিয়াল পৰীক্ষাসমূহ কৰাৰ অন্তত হাতত ষ্টাম্প মাৰি স্বাস্থ্য কৰ্মীয়ে অকলে এৰি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে । উপায়হীন অসুস্থ যুৱকজনে ভোকতে নলবাৰীত খাদ্য় গ্ৰহণ কৰি যাত্ৰীবাহী বাহনেৰে ঘৰলৈ আহে ।
আছুকৰ্মীয়ে ঘেৰাও কৰিলে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বাবে অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ স্বাস্থ্য কেন্দ্ৰটোলৈ অহা এগৰাকী যুৱকক কোভিডৰ পৰীক্ষা কৰাবলৈ নি স্বাস্থ্য কৰ্মীয়ে আদবাটতে এৰি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে ৷ বিষয় সন্দৰ্ভত প্ৰতিবাদমুখৰ হৈ পৰিছে ঘগ্ৰাপাৰৰ আছু কৰ্মীসকল ৷
আছুকৰ্মীয়ে ঘেৰাও কৰিলে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
উক্ত ঘটনাটোৰ বিষয়ে জানিব পাৰি সম্প্ৰতি জাঙোৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা । যদিহে যুৱকজন কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত হয় তেন্তে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ সেয়ে স্বাস্থ্য বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ প্ৰতি সৰৱ হৈ চিকিৎসালয়খন ঘেৰাও কৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে ৷
লগতে চাওকঃপশু চিকিৎসালয়ত পশু চিকিৎসাৰ সলনি চলি আছে বিদ্যাৰ্থীৰ পাঠদান!