অসম

assam

ETV Bharat / state

Ghograpar Police station case: আজি আদালতত হাজিৰ কৰোৱা হ’ব ঘগ্ৰাপাৰ কাণ্ডৰ অভিযুক্ত আৰক্ষী উপ পৰিদৰ্শকক - নলবাৰী জিলা আৰক্ষী অধীক্ষক

ঘগ্ৰাপাৰ কাণ্ডৰ সৈতে জড়িতৰ অভিযোগ উঠা মূল অভিযুক্ত উপ-পৰিদৰ্শকৰ লগতে আটাইকেইজন উপ-পৰিদৰ্শককে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা । চাকৰি খাৰিজ কৰা হ’ল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ৰ ।

Ghograpar Police station case
আজি আদালতত হাজিৰ কৰোৱা হ’ব ঘগ্ৰাপাৰ কাণ্ডৰ অভিযুক্ত আৰক্ষী উপপৰিদৰ্শকক

By

Published : Jun 30, 2023, 10:53 AM IST

নলবাৰী, 30 জুন:চাঞ্চল্যকৰ ঘগ্ৰাপাৰ কাণ্ডৰ মূল অভিযুক্ত উপ পৰিদৰ্শকক চিনাক্ত কৰাৰ বাবে আজি আদালতত গোটেইকেইজন উপ পৰিদৰ্শকক হাজিৰ কৰোৱাৰ সম্ভাৱনা । ঘটনাৰ সৈতে কোন জড়িত সেয়া পোহৰলৈ অনাৰ স্বাৰ্থতে উপ-পৰিদৰ্শককেইগৰাকীক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ পৰা গৈছে ৷ উল্লেখ্য যে, নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাত কিছুদিন পূৰ্বে এক জঘন্য ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ থানাৰ ভিতৰতে এজন উপ-পৰিদৰ্শকে আটকাধীন এগৰাকী কিশোৰীৰ নগ্ন ফটো তোলাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পিচতেই বিষয়টোৱে লাভ কৰিছিল বিশেষ চৰ্চা ৷

ঘগ্ৰাপাৰ আৰক্ষীৰ কাণ্ডই লজ্জানত কৰিছে অসম আৰক্ষীক । ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱাত চাকৰিৰ পৰা খাৰিজ কৰা হ’ল আৰক্ষী বিষয়া বিমান ৰয়ক । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে জনায় এই কথা । ডিজিপি জি পি সিঙে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ক বৃহস্পতিবাৰৰ দিনটোত পলাতক ঘোষণা কৰাৰ পিচত নিশা নিলম্বন কৰাৰ কথা টুইটযোগে জনায় । ইয়াৰ পিচতে আৰক্ষী উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহাইয়ো নিশা নলবাৰী আৰক্ষী থানাত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰে ।

আনহাতে, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আটাইকেইজন উপ-পৰিদৰ্শককে শুকুৰবাৰে আদালতলৈ লৈ যোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ কৰা প্ৰয়োজন যে, উপ-পৰিদৰ্শকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলা কিশোৰীগৰাকীয়ে কাৰো নাম উল্লেখ নকৰাকৈ এজন উপ-পৰিদৰ্শকে জোৰ জুলুমকৈ কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হৈছিল বুলি এজাহাৰ প্ৰদান কৰিছিল । নলবাৰী সদৰ থানাত ৰুজু হোৱা এজাহাৰখনৰ ভিত্তিত শুকুৰবাৰে গোটেইকেইজন উপ-পৰিদৰ্শকক আদালতলৈ নি চিনাক্ত কৰাৰ কথা বৃহস্পতিবাৰে নলবাৰী জিলা আৰক্ষী অধীক্ষকে এক সংবাদমেলযোগে সদৰী কৰিছিল ।

উল্লেখ্য যে, অসম আৰক্ষীৰ এনে কাণ্ডত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে বিষয়টো সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :Ghograpar Police station incident : উপ পৰিদৰ্শকে কলংকিত কৰিলে ঘগ্ৰাপাৰ থানাক !

ABOUT THE AUTHOR

...view details