নলবাৰী, ২৪ ছেপ্টেম্বৰ: নলবাৰী জিলাৰ মুকালমুৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয় । শনিবাৰে অনুষ্ঠিত হৈ যোৱা ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত উখল-মাখল পৰিৱেশ বিৰাজ কৰে মহাবিদ্যালয়ৰ চৌহদত । ছাত্র-ছাত্ৰীসকলে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোটদান কৰাৰ লগতে মহাবিদ্যালয়খনত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে ভোট গণনাৰ ফলাফলত আছুৰ সমৰ্থনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি মুঠ ৯ টা পদত জয়লাভ কৰে ।
ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ সমৰ্থনত প্ৰতিদণ্ডিতা আগবঢ়াই চাৰিটা আৰু বিনা প্ৰতিদণ্ডিতাই পাচটা পদ সহ মুঠ ৯ টা পদত জয়লাভ কৰি বৰক্ষেত্ৰী মহাবিদ্যালয়ত অব্যাহত ৰাখে আছুৰ জয়যাত্ৰা । বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ ২০২৩-২০২৪ বৰ্ষৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থনত জয়লাভ কৰা প্ৰাৰ্থীসকল ক্ৰমে সভাপতি পদত আছিক আলী,সাধাৰণ সম্পাদক পদত ইকবাল হুছেইন, সহ সাধাৰণ সম্পাদক পদত ৰেকিবুল হক, আলোচনী বিভাগৰ সম্পাদক পাকিজা চুলতানা, সমাজ সেৱিকা বিভাগৰ সম্পাদক আৰজুমা বেগম, তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ সম্পাদক পদত নয়নমনি কলিতা, গুৰু খেল বিভাগৰ সম্পাদক চহিদুল হক আৰু সহকাৰী সম্পাদক পদত ৰেকিবুল আলী, ছাত্ৰ জিৰণী কোঠাৰ সম্পাদক ৰেকিব আহমেদ ।