নলবাৰী, ২৯ জুলাই :ৰাজ্যত অব্যাহত গাঞ্জা তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Operation against ganja in Assam) ৷ এইবাৰ আৰক্ষীৰ নহয়, গঞা ৰাইজৰ ৰোষত পৰিল গাঞ্জা ব্যৱসায়ী ৷ শুকুৰবাৰে নলবাৰীৰ কাপলাবড়ীত এখন বাইকসহ হাতে লোটে আটক হ’ল দুই গাঞ্জা ব্যৱসায়ী (Ganja trader arrested with huge amount of ganja in Nalbari) ।
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, কাপলাবড়ীৰ বনপুৰাত একাংশ ৰাইজে নামাজ পঢ়ি উভতি অহাৰ সময়তে এখন বাইকত এটা মোনাৰ সৈতে দুই যুৱকক প্ৰত্যক্ষ কৰে ৷ প্ৰথমাৱস্থাত যুৱকদ্বয়ৰ ওপৰত সন্দেহ ওপজাত স্থানীয় লোকে দুয়োকে সোধ-পোচ কৰে । যুৱকদ্বয়ক সোধ-পোচ কৰাৰ অন্তত ওলাই পৰে উৰহী গছৰ ওৰ ।
মোনাৰ ভিতৰত বুজন পৰিমাণৰ গাঞ্জা দেখি স্থানীয় ৰাইজে বাইকসহ আটক কৰে দুয়োকে । জব্দকৃত বাইকখনৰ নম্বৰ হৈছে AS15T0358 ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিলৱেশৰ ৷ পৰৱৰ্তী সময়ত ৰাইজে খবৰ দিয়ে স্থানীয় দৌলাশাল আৰক্ষী চকীক ।