অসম

assam

By

Published : Mar 10, 2022, 5:18 PM IST

ETV Bharat / state

Ganja seized in Nalbari: নলবাৰীত দুৰ্ঘটনাত পতিত বিলাসী বাহনৰ পৰা গাঞ্জা জব্দ

ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ এইবাৰ নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হোৱা এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা(Ganja seized in Nalbari) ৷

ganja-seized-from-luxury-vehicle-crashed-in-nalbari
নলবাৰীত দুৰ্ঘটনাত পতিত বিলাসী বাহনৰ পৰা গাঞ্জা জব্দ

নলবাৰী, 10 মাৰ্চ :নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাওদাল চ'কত বুধবাৰে নিশা গুৱাহাটীৰ পৰা পশ্চিমবঙ্গ অভিমূখে যোৱাৰ পথত দূৰ্ঘটনাগ্ৰস্ত হয় এখন চাৰিচকীয়া বাহন ৷ জানিব পৰা মতে, গাড়ীখনত আছিল দুজনকৈ ব্যক্তি(Road accident in Nalbari) ৷ গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইফালে আনজন ব্যক্তি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ তেওঁক GMCH লৈ প্ৰেৰণ কৰা হয় ।

নলবাৰীত দুৰ্ঘটনাত পতিত বিলাসী বাহনৰ পৰা গাঞ্জা জব্দ

ইফালে, নলবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাত গাড়ীখনৰ পৰা প্ৰায় ৪৫ কেজি গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে (Ganja seized from vehicle that crashed in nalbari)। স্থানীয় ৰাইজৰ সন্দেহ, মণিপুৰৰ পৰা পশ্চিমবঙ্গলৈ সৰবৰাহ কৰা হৈছিল এই বৃহৎ পৰিমানৰ গাঞ্জাখিনি ৷ আনহাতে জব্দকৃত গাঞ্জাখিনি আৰক্ষীৰ গাড়ীসহ থানালৈ লৈ যোৱাৰ লগতে এই লৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :PNRD employees strike: নলবাৰীত PNRD ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details