ফেচবুকত ভুৱা একাউণ্ট খুলি ৰঙা ঘৰৰ আলহী মহানগৰীৰ যুৱক - নলবাৰী
নলবাৰীৰ মহিলাক ব্লেকমেইলিং কৰাৰ অভিযোগত গুৱাহাটীৰ ৰূপক কলিতাক আটক নলবাৰী আৰক্ষীৰ
নলবাৰী, 24 মাৰ্চঃ ফেচবুকত যুৱতীৰ ভুৱা একাউণ্ট খুলি ৰঙা ঘৰৰ আলহী হ'ল মহানগৰীৰ যুৱক ৷ নলবাৰীৰ এগৰাকী মহিলাৰ নামেৰে ভুৱা একাউণ্ট খোলাৰ উপৰিও সেই একাউণ্টেৰে যুৱতী মহিলাক ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগত গুৱাহাটীৰ ৰূপক কলিতা নামৰ যুৱকজনক দেওবাৰে আটক কৰে নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে ৷ ভুক্তভোগীৰ ভাষ্য অনুসৰি, ৰূপক কলিতা নামৰ যুৱকজনে প্ৰথমতে ফেচবুকত চিনাকি হৈ প্ৰেম প্ৰস্তাৱ আগবঢ়াই আৰুতাৰ পাচতে যুৱতী গৰাকীৰ নামত ভুৱা একাউণ্ট খুলি বিভিন্ন প্ৰকাৰেৰে ব্লেকমেইলিং কৰি ধন দাবী কৰে ভুক্তভোগী মহিলা গৰাকীৰ পৰা ৷ উপায়ন্তৰ হৈ মহিলাগৰাকীয়েআৰক্ষীৰ কাষ চপাতআৰক্ষীয়ে যুৱকজনক আটক কৰিবলৈ সক্ষম হয় ৷