নলবাৰী, 6 জানুৱাৰী :পশ্চিম নলবাৰীৰ অন্যতম অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান চামতাৰ শ্রীমন্ত কলা নিকেতনৰ উদ্যোগত আৰু সংস্কাৰ ভাৰতী অসমৰ সহযোগত 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ বাকৰিত যাত্রা নাট সমাৰোহ উদযাপনৰ আয়োজন কৰিছে ।
ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা যাত্ৰা নাট সমাৰোহৰ উদ্দেশ্য, কাৰ্যসূচী, বাজেট আৰু প্ৰস্তুতি সম্পৰ্কে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে উদ্যোক্তা সকলে । সংবাদ মেলত ঘোষণা কৰা অনুসৰি, 7 জানুৱাৰীৰ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, প্ৰয়াত শিল্পী সকলৰ স্মৃতিত স্মৃতি তৰ্পণ, দিনৰ 11 বজাত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রা, সন্ধিয়া প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী মঞ্চ উদ্বোধন, নাট্য সন্ধিয়াত যাত্রাভিনয়-ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদল আৰু সৰ্থেবাৰীৰ নাট-অজলা ককাই প্ৰদৰ্শন কৰিব বুলি জানিব দিয়ে উদ্যোক্তাই ।
লগতে পঢ়ক :নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগ্ৰেছঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য