নলবাৰী,১৮ জুলাই:বান বিভিষিকা শেষ হোৱাৰ পাছত এতিয়া বন্যাৰ্তক আন বহু বিপদে বেঢ়ি ধৰিছে । বিশেষকৈ বিভিন্ন প্ৰান্তত বন্যাৰ্তৰ মাজত দেখা দিছে বহু ৰোগে । সেয়ে বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ । অন্যান্য় প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিতো আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ(Free health camp organised at Nalbari) ।
পূৱ নলবাৰী বিজেপি মণ্ডলৰ উদ্যোগত আৰু সাৰথি হাস্পতালৰ সহযোগত নলবাৰীৰ বানাক্ৰান্ত অঞ্চল নমাটিত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । বানে ধোৱা অঞ্চলটোত বিভিন্ন ৰোগ দেখা দিয়া বন্যাৰ্তক বিনামূলীয়াকৈ চিকিৎসা সেৱা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো যোগান ধৰা হয়(Free treatment and medicine supply at Nalbari) । নমাটি মধ্য ইংৰাজী বিদ্যালয়ত বানত ক্ষতিগ্ৰস্থ অঞ্চলৰ ৰাইজৰ বাবে এই বিনামূলীয়া স্বাস্থ্য শিবিৰটিৰ আয়োজন কৰা হয় ।