নলবাৰী, 15 ছেপ্তেম্বৰ :সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই Enlighten Civil Service Academy ৰ সহযোগত মঙলবাৰৰ পৰা আৰম্ভ কৰিছে বিনামূলীয়া প্ৰাক পৰীক্ষা (APSC) প্ৰশিক্ষণ শিবিৰ । এই উদ্দেশ্য আগত ৰাখি জিলা ছাত্ৰ সন্থাই মঙলবাৰে নলবাৰী মহাবিদ্যালয়ৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত এক শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে ।
নলবাৰীত বিনামূলীয়া APSC ৰ প্ৰশিক্ষণ শিবিৰ মুকলি - সাংগঠনিক সম্পাদক
নলবাৰীত বিনামূলীয়া APSC প্ৰশিক্ষণ শিবিৰ মুকলি ৷ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই Enlighten Civil Service Academy ৰ সহযোগত মুকলি কৰে এই শিবিৰ ৷

উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন, ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে কেইবাগৰাকীও শিক্ষাবিদৰ উপস্থিতিত উদ্বোধন কৰা হয় । তেওঁলোকে জনোৱা অনুসৰি, নলবাৰীৰ Enlighten Civil Service Academy ৰ অধ্যয়ন কেন্দ্ৰত বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া প্ৰশিক্ষণ শিবিৰত প্ৰথম পৰ্যায়ত 15 দিনৰ বাবে 50 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদে জানিব দিয়ে ৷
লগতে পঢ়ক :গোলাঘাট আৰক্ষীৰ জালত ম'ষ্ট ৱাণ্টেড গাড়ী চোৰ