নলবাৰী, 3 মে’ : আকৌ বাবা ওলাইছে ৷ বাবা মানে ভণ্ড ভাবা৷ ভণ্ডামি কৰিবলৈ গৈ এইবাৰ মুকালমুৱাৰ ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী (Fake godman detained by villagers at Nalbari)৷
ঘটনাৰ বিৱৰণী অনুসৰি, ৰামপুৰৰ অজিত বৰ্মন নামৰ লোকজনৰ ঘৰত প্ৰায় এসপ্তাহ আগতে চিকিৎসাৰ নামত জৰা-ফুকা কৰিছিল নিজকে বাবা বুলি পৰিচয় দিয়া বিক্ৰম আলী নামৰ লোকজনে ৷ কেৱল জৰা-ফুকাই নহয়, বিভিন্ন তাবিজ দিয়াৰ নামত আলীয়ে বৰ্মন উপাধিৰ লোকজনৰ ঘৰৰ পৰা সৰকাইছিল প্ৰায় 5 হাজাৰ টকা ৷ তাৰপাচৰে পৰাই অন্তৰ্ধান হৈ পৰিছিল ভণ্ড বাবা বিক্ৰম আলী ৷
পৰৱৰ্তী সময়ত বিভিন্ন প্ৰলোভন দি অজিত বৰ্মনে অভিযুক্ত ভণ্ড বাবা বিক্ৰম আলীক মাতি আনে নিজ ঘৰলৈ ৷ তাৰ পাচতেই বেজালি আৰম্ভ কৰিবলৈ লয় ভণ্ড বাবাটোৱে ৷ তেনে সময়ত চেগ বুজি ভণ্ড বাবাক অজিত বৰ্মনৰ পৰিয়ালে ঘৰত আৱদ্ধ কৰি খবৰ দিয়ে স্থানীয় ৰাইজক (Fraud sadhu baba caught at Mukalmua) ৷