নলবাৰী,5 আগষ্ট:ঋণ লোৱাৰ আপোনাৰো পৰিকল্পনা আছে নেকি ! বা ঋণ প্ৰদানৰ নামত আপোনালৈ আহে নেকি ফোন অথবা মেছেজ ! তেন্তে সাৱধান ৷ কাৰণ ঋণ প্ৰদানৰ প্ৰতিশ্ৰুতি দি প্ৰবঞ্চকে লুটি নিব পাৰে বেংকত থকা আপোনাৰ সাঁচতীয়া ধন ৷ ৰাজ্যৰ য’তে ত’তে ঘুৰি ফুৰিছে একাংশ প্ৰবঞ্চক ৷ নলবাৰী তেনে এক ঘটনাই সংঘটিত হ’ল ৷ নলবাৰীৰ চাহনিয়া ইয়াচমিন নামৰ এগৰাকী মহিলালৈ একাউন্টত এটা লোন মঞ্জুৰ হোৱা বুলি অৱগত কৰিছিল টাটা কেপিটেল ফাইনেঞ্চৰ তৰফৰ পৰা ৷
সেই সূত্ৰে টাটা কেপিটেল ফাইনেঞ্চ নামৰ কোম্পানীৰ কৰ্তৃপক্ষই চাহনিয়াৰ ইয়াচমিনৰ পৰা দুশ টকাৰ মাচুল বিচাৰে ৷ ইয়াচমিনে এখন দুশ টকাৰ চেক আৰু এগ্ৰিমেন্টৰ বাবে এখন কেনন্সেল চেক প্ৰদান কৰিছিল টাটা কেপিটেল ফাইনেঞ্চক ৷ কিন্তু Cancel বুলি লিখা চেকখনৰ পৰা শুকুৰবাৰে ১,৮৬,০০০ টকা লৈ উধাও হয় টাটা কেপিটেল ফাইনেঞ্চৰ প্ৰবঞ্চক যুৱকে । নলবাৰীত থকা HDFC বেংকৰ শাখাৰ পৰা জালিয়াতি কৰি টকাখিনি লৈ উধাও হোৱা প্ৰৱঞ্চকজনে ৷ পৰৱৰ্তী সময়ত চাহনিয়া ইয়াচমিনৰ মোবাইলত মেছেজ টকা উলিয়াই নিয়াৰ মেছেজ আহে ৷