নলবাৰী,4 আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ড্ৰাগছ তথ্যা অন্যান্য নিচাজাতীয় সামগ্ৰী মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ মাজতো অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈ আহিছে ড্ৰাগছ, হেৰ'ইন তথা গাঞ্জা জাতীয় নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে শনিবাৰে গাঞ্জা সহ চামতা আৰক্ষীৰ জালত পৰে চাৰি গাঞ্জা ব্যৱসায়ী ৷
প্ৰাপ্ত খবৰ মতে, শনিবাৰে চামতা আৰক্ষী চকীয়ে চামতা বাছ আস্থানত থকা বনমালী বৰ্মনৰ খুচুৰা দোকানত অভিযান চলাই তিনি কিলো গাঞ্জা জব্দ কৰে ৷ ইয়াৰ পিছতে দুটা গৃহত অভিযান চলাই মুঠ 4 কিলো 250 গ্ৰাম গাঞ্জা জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলে ৷ লগতে আৰক্ষীয়ে এই গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত চামতাৰ বনমালী বৰ্মন, নিৰঞ্জন শালৈ, ৰতন বৰ্মন আৰু ৰুবুল বৰ্মনক আটক কৰি চামতা পহৰা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে ৷