অসম

assam

ETV Bharat / state

ঘগ্ৰাপাৰাত চাৰিখন গেলামাল দোকান ছীল কৰিলে প্ৰশাসনে

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনামৰ্মে কিছুমান সীমাবদ্ধতা আৰু শিথিলকৰণ কৰে নলবাৰী জিলা প্ৰশাসনে । নিৰ্দেশনামৰ্মে এক তৃতীয়াংশ ব্যৱসায়িক প্ৰতিষ্ঠান পুৱা ৬:০০ বজাৰ পৰা সন্ধিয়া ৫:০০ বজালৈ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছিল ।

four-grossery-shops-sealed-by-administration
ঘগ্ৰাপাৰাত চাৰিখন গেলামাল দোকান ছীল কৰিলে প্ৰশাসনে

By

Published : May 19, 2020, 12:17 PM IST

নলবাৰী, 19 মে‘ : নলবাৰী জিলা প্ৰশাসনে অসম কোভিড-১৯ অধিনিয়ম, ২০২০ অনুসৰি কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনামৰ্মে কিছুমান সীমাবদ্ধতা আৰু শিথিলকৰণ কৰে নলবাৰী জিলা প্ৰশাসনে । নিৰ্দেশনামৰ্মে এক তৃতীয়াংশ ব্যৱসায়িক প্ৰতিষ্ঠান পুৱা ৬:০০ বজাৰ পৰা সন্ধিয়া ৫:০০ বজালৈ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছিল ।

ঘগ্ৰাপাৰাত চাৰিখন গেলামাল দোকান ছীল কৰিলে প্ৰশাসনে

কিন্তু লকডাউনৰ এই নিৰ্দেশনা উলংঘা কৰি জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনৰ কুন্দৰগাঁৱৰ ইছাহক আলি আৰু একে গাঁৱৰে নেকিবুৰ জামানৰ গেলামাল দোকান আৰু দক্ষিণগাঁৱৰ আবুল আলি আৰু বাঘমাৰা গাঁৱৰ অনন্ত চৌধুৰীয়ে তেওঁলোকৰ গেলামাল দোকান সন্ধিয়া ৫:০০ বজাৰ পিছতো খোলা ৰাখিছিল ।

লকডাউনৰ নিয়ম উলংঘা কৰি কোভিড-১৯ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ ৰাইজৰ প্ৰতি বিপদ চপাই অনাৰ সম্ভাৱনাৰ বাবে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অসম কোভিড-১৯ অধিনিয়ম, ২০২০ ৰ ১৫ নং দফা অনুসৰি এই চাৰিখন গেলামাল দোকান তৎকালীনভাৱে ছীল কৰাৰ নিৰ্দেশ জাৰি কৰে ।

লগতে পঢ়ক : ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 115 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details